কৰিমগঞ্জ, 13 নৱেম্বৰঃ শিলচৰৰ পিছত এইবাৰ কৰিমগঞ্জৰ মেদলিচৰা সীমান্তয়ে অসমৰ পৰা মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰী আদান প্ৰদান কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে । তথাপিও কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত এতিয়াও মান্তি হোৱা নাই মিজোৰাম ৷
উল্লেখ্য যে, সীমান্তৰ পৰা মিজোৰামৰ আইআৰপি বেটেলিয়ান উঠাই সীমান্তত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী মোতায়েনৰ বাবে নিদেৰ্শনা জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ বিপৰীতে নিদেৰ্শনা অনুযায়ী অসম চৰকাৰে 24 আইআৰবিএন উঠাই ইতিমধ্যে সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী এছএছবি মোতায়েন কৰিছে ।