অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা - পথাৰ

পথ নহয়,যেন পথাৰহে। কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে দ' গাঁত। এজাক বৰষুণতে পানীৰে ভৰি পৰে পথটো। পথৰ পয়ালগা অৱস্থাই হাৰাশাস্তি ভোগাইছে স্থানীয় ৰাইজক।

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা
কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা

By

Published : Oct 10, 2020, 3:11 PM IST

কৰিমগঞ্জ, ১০ অক্টোবৰ: জৰাজীৰ্ণ পথে যমৰ যাতনা ভোগাইছে কৰিমগঞ্জবাসীক। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত পথাৰ সদৃশ ৰূপ লৈছে ৰাষ্ট্ৰীয় ঘাইপথে। কৰিমগঞ্জৰ চহৰৰ মাজ-মজিয়াত উপায়ুক্ত আৰু পৌৰসভাৰ কাৰ্যালয়ৰ সমীপতে থকা এই পথটোৰ দুৰৱস্থাৰ ছবিখন আজি পৰ্যন্ত দৃষ্টিগোচৰ নহ'ল ৰজাঘৰীয়াৰ।

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা

পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। এজাক বৰষুণতে পানীৰে ভৰি পৰে পথটো। কৃত্ৰিম বানত হাৰাশস্তি ভুগিবলগীয়া হয় ৰাইজে। যান-বাহন চলাচল কৰাতো দুৰ্ভোগ ভূগিবলগীয়া হৈছে। আনকি খোজকাঢ়ি অহা-যোৱা কৰিলেও পানী গচকি যাব লাগে।

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা

বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো পথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাই। আনহাতে, বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই কাৰ্যত উন্নয়নমূলক কাম কৰাৰ পৰিৱৰ্তে নিৰ্বাচনী প্ৰচাৰ সভাত উত্তৰ কৰিমগঞ্জৰ সমষ্টিৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ অভিযোগ উত্থাপন হৈছে।



লগতে পঢ়ক:ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ

ABOUT THE AUTHOR

...view details