কৰিমগঞ্জ, 7 নৱেম্বৰ: অবৈধ দেশীয় সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান কৰিমগঞ্জৰ কদমতলা আৰক্ষীৰ। আৰক্ষীৰ অভিযানত জব্দ লিটাৰে লিটাৰে দেশীয় সুৰা। শুক্ৰবাৰে নিশা অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী কদমতলা গাঁৱত আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়।
কৰিমগঞ্জৰ কদমতলাত প্ৰায় ৩০০ লিটাৰ দেশীয় সুৰা জব্দ - অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী
কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী অঞ্চলত দেশীয় সুৰাৰ ৰমৰমীয়া বেহা। শুক্ৰবাৰে কদমতলাৰ গাঁৱত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩০০ লিটাৰ দেশীয় সুৰা।
কৰিমগঞ্জৰ কদমতলাত প্ৰায় ৩০০ লিটাৰ দেশীয় সুৰা জব্দ
গাঁওখনৰ কেইবাজনো লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় ৩০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰে। চূৰাইবাড়িৰ কদমতলা থানা অন্তৰ্গত এই অঞ্চলটোত কদমতলা থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণধন সৰকাৰৰ নেতৃত্বত এই অভিযান চলায় আৰক্ষীৰ এটা দলে। অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই৷ দীৰ্ঘদিন ধৰি সুৰা ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল।
লগতে পঢ়ক:12 ঘন্টীয়া বৰাক বন্ধৰ প্ৰভাৱ
Last Updated : Nov 7, 2020, 12:15 PM IST