কৰিমগঞ্জ, ২ নৱেম্বৰ: উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিধায়কগৰাকীয়ে মন্ত্ৰী শৰ্মাক কৰিমগঞ্জৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হৈ নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিবলৈ মুকলিভাৱে প্ৰত্যাহ্বান জনালে। এক সংবাদমেলযোগে এনেদৰে মন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে।
তেওঁ কয় যে,'মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন বঙালী বিদ্বেষী নেতা। জালুকবাৰী সমষ্টিত বঙালী ভোটাৰ আছে আৰু বঙালী সম্পৰদায়ৰ লোকৰ ভোট লাভ কৰিয়েই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈছে। কিন্তু আমি যেতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বঙালীৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে দাঙি ধৰি সংগ্ৰাহালয় নিৰ্মাণৰ দাবী জনাইছিলো, তেতিয়া মন্ত্ৰীগৰাকীয়ে আওকাণ কৰিলে।'
তেওঁ এইদৰে গুৰুত্ব আৰোপ নকৰাৰ কাৰণ কি বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ কথাত বৰ্তমান কোনো যুক্তিযুক্ততা নাই বুলি কটাক্ষ কৰে। লগতে বিধায়কগৰাকীয়ে কয় যে, মন্ত্ৰী হিমন্তই আচলতে ভোটৰ ৰাজনীতি কৰি আছে। কৰিমগঞ্জৰ পৰা নিৰ্বাচনী যুঁজত কমলাক্ষ দে পুৰকায়স্থৰ বিপৰীতে প্ৰতিদ্বন্দিতা কৰি বিজয়ী হৈ দেখুৱাবলৈও প্ৰত্যাহ্বান জনায়।