পাথাৰকান্দি, 22 জানুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে শুকুৰবাৰে কৰিমগঞ্জৰ পাথাৰ কান্দিতো এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ পাথাৰকান্দি ব্লক কংগ্ৰেছ আৰু লোয়াৰপোয়া ব্লক কংগ্রেছৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সৰ্বানন্দ সোণোৱাল হায়-হায়, হিমন্ত বিশ্ব শৰ্মা হায়-হায়, বিজেপি গ' বেক, মুল্যবৃদ্ধি ৰোধ কৰক ইত্যাদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷
পাথাৰকান্দিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - সৰ্বানন্দ সোণোৱাল
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে পাথাৰকান্দিত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক কংগ্ৰেছ কৰ্মীয়ে সমদল কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰেই পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যদি চৰকাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উচিত পদক্ষেপ নলয়, তেনেহ'লে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ তাৰোপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমলৈ অহাক লৈয়ো তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷ পুনৰ অসমৰ ৰাইজক প্ৰতাৰণা কৰি মিছা কথাৰে শাসনৰ গাদী দখল কৰিবলৈ চেষ্টা কৰিছে বুলি বিজেপিক তীব্ৰ কটাক্ষ কৰে ৷