কৰিমগঞ্জ, 6 ডিচেম্বৰঃ কৰিমগঞ্জৰ নিলামবজাৰত দৰিদ্ৰ ৰাইজৰ মাজত কম্বল আৰু কাপোৰ বিতৰণ কৰে নদুয়াত্ততামী নামৰ এক ধর্মীয় অনুস্থানে । প্ৰায় ১০০ ৰো অধিক দৰিদ্ৰ পুৰুষ আৰু মহিলাৰ মাজত বিতৰণ কৰা হয় কম্বল ।
শীতকাল অহাৰ লগে লগে এখন গৰম কাপোৰৰ অভাৱত বহু দৰিদ্ৰ লোকে জাৰত কঁপি থাকিব লগীয়া হয় ৷ অতি কষ্টৰ মাজেৰে দুবেলা দুমুঠি যোগাৰ কৰি জীৱন নিৰ্বাহ কৰিবলগা হয় । দৰিদ্ৰ লোক সকলক সহায় কৰাৰ উদ্দেশ্যে আজি দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলামবাজাৰত নদুয়াত্ততামীৰ নিলামবাজার কনকপুৰ আঞ্চলিক কমিটিৰ সদস্য সকলে এখন সভা আয়োজন কৰে ৷ এই সভাখনতেই শতাধিক দৰিদ্ৰ লোকৰ মাজত কম্বল আৰু কাপোৰ বিতৰণ কৰে । নদুয়াত্ততামী ধৰ্মীয় অনুস্থানটোৰ সদস্য সকলে গ্ৰহণ কৰা এই পদক্ষেপক সকলো ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ৷
কৰিমগঞ্জৰ নিলামবজাৰত দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ
কৰিমগঞ্জৰ নিলামবজাৰত শতাধিক দৰিদ্ৰ লোকক কম্বল আৰু কাপোৰ বিতৰণ কৰে ধৰ্মীয় সংগঠন নদুয়াত্ততামীৰ সদস্য সকলে ৷
কৰিমগঞ্জৰ নিলামবজাৰত দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ