কৰিমগঞ্জ, 28 এপ্ৰিল : বাৰিষা এতিয়াও অহাই নাই ৷ তথাপিও অৱতৰীয়া এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ এটা অঞ্চল (Artificial flood in Karimganj) ৷ এজাক বৰষুণৰ পিছত কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ প্ৰায় পাঁচশ মিটাৰ অংশ বৰ্তমান বুৰ গৈছে পানীৰ তলত ৷
ফলত কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ এই দুৰৱস্থাৰ বাবে এতিয়া বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা (People are travelling dangerously) । উপায়ন্তৰ হৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে অঞ্চলবাসী ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷
তথ্য অনুসৰি, প্ৰায় 32 হাজাৰ লোকে দৈনিক যাতায়াত কৰে বদৰপুৰ সমষ্টিৰ মনছাংগন গাঁৱৰ গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত পথটোৰে । কেৱল এই বৰষুণ জাকেই নহয়, বছৰটোৰ অধিকাংশ সময় পানীৰ তলত থাকে এই গুৰুত্বপূৰ্ণ পথটো ৷ লোক নিৰ্মাণ বিভাগে কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈয়ে বিজ্ঞানসন্মত বিহীনভাৱে নিৰ্মাণ কৰিছে এই পথচোৱা ৷