অসম

assam

ETV Bharat / state

এজাক বৰষুণত বুৰিল কৰিমগঞ্জঃ ৰাইজৰ ক্ষোভ - কৰিমগঞ্জ চহৰ

এজাক বৰষুণতে কৰিমগঞ্জত বান সদৃশ পৰিৱেশ। বাতিল কৰিবলগীয়া হ'ল মুখ্যমন্ত্ৰীৰ কৰিমগঞ্জৰ ভ্ৰমণসূচী ।

Artificial flood at Karimganj
Artificial flood at KarimganjArtificial flood at Karimganj

By

Published : Jun 4, 2020, 5:33 PM IST

কৰিমগঞ্জ, 4 জুনঃ কৰিমগঞ্জত অভাৱনীয় পৰিস্থিতি । এজাক বৰষুণতেই বুৰিল কৰিমগঞ্জ চহৰ। কণমান বৰষুণতেই চহৰখনত সৃষ্টি হ'ল বান সদৃশ পৰিৱেশ । চহৰখনৰ সুভাষনগৰ,বিপিনপাল ৰোড,চৰবজাৰ,ছেটলমেন্ট ৰোড,মেইনৰোড,মিচন ৰোড,ছন্তৰ বজাৰ এতিয়া পানীৰ তলত । যাক লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। দোকান পোহাৰ,বজাৰত পানী সোমাই পৰাত ক্ষুদ্ধ স্থানীয় লোক ।

এজাক বৰষুণত বুৰিল কৰিমগঞ্জ

বিক্ষোপ্ত জনতাই অৱৰোধ কৰিলে চহৰখনৰ ষ্টেচন ৰোডৰ পথ। জিলা প্ৰশাসনে নলা সমূহ চাফা নকৰাৰ ফলতেই এই জীয়াতু ভুগিবলগীয়া হৈছে বুলি অভিযোগ স্থানীয় লোকৰ । আনফালে ভূমিস্খলন এলেকা পৰিদৰ্শন কৰাৰ বাবে বৃহস্পতিবাৰে কৰিমগঞ্জলৈ অহাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কিন্তু প্ৰতিকূল বতৰৰ বাবেই বাতিল কৰা হয় মুখ্যমন্ত্ৰীৰ কৰিমগঞ্জ-হাইলাকান্দিৰ কাৰ্যসূচী ।

লগতে চাওকঃ আৰক্ষীৰ জালত মিছামাৰীৰ হত্য়াকাণ্ডৰ অভিযুক্ত

ABOUT THE AUTHOR

...view details