অসম

assam

ETV Bharat / state

ছাৰে ঘৰত থাকি ভাল পায়: ৰেজিষ্টাৰ বহী হোম ডেলিভাৰী দিয়ে ছাত্ৰই - কৰিমগঞ্জ বাতৰি

ছাত্ৰই ঘৰলৈ লৈ যোৱা ৰেজিষ্টাৰত চহী কৰি দৰমহা খাইছে ভাংগা ৫৩৮ নং পূব কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাজী আলিয়ে ৷ নীতি-নিয়ম নমনা প্ৰধান শিক্ষকক অনুসৰণ কৰি নিজ সময় সুবিধা মিলাই বিদ্যালয়লৈ আহে আন আন শিক্ষক-শিক্ষয়িত্ৰীসকল ৷ ভাইৰেল হল প্ৰধান শিক্ষকৰ ঘৰলৈ ৰেজিষ্টাৰ বহী লৈ যোৱা অৱস্থাত ছাত্ৰ ভিডিঅ' ৷ প্ৰধান শিক্ষকৰ হেমাহীৰ বাবে বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন ৷ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

arrogant headmaster
ছাৰে ঘৰত থাকি ভাল পায়: সেইবাবে ছাত্ৰই ছাৰৰ হাতত দিয়ে ৰেজিষ্টাৰ বহীৰ হোম ডেলিভাৰী

By

Published : Nov 26, 2019, 3:29 PM IST

কৰিমগঞ্জ, 26 নৱেম্বৰ:এখন বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ নিৰ্ধাৰিত সকলো নীতি-নিয়মৰ উলংঘা কৰি ইতিহাস ৰচিছে কৰিমগঞ্জৰ ৫৩৮ নং পূৱ কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ে ৷ এই অভিযানত নেতৃত্ব দিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাজী আলি আৰু তেওঁক সহায় কৰিছে সহকৰ্মী শিক্ষক সকলে ৷ ভাংগা অঞ্চলত থকা কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ত এতিয়া আধিপত্য চলাইছে সকলো নিয়মক অংগুস্থ দেখুওৱা প্ৰধান শিক্ষক হাজী আলিয়ে ৷ ইটিভি ভাৰতৰ এক বিশেষ অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷ তথ্য অনুসৰি কেৱল নিজৰ ইচ্ছা অনুযায়ী হে বিদ্যালয়ত উপস্থিত থাকে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা প্ৰধান শিক্ষক হাজী আলি, আনকি বিদ্যালয়খনৰ এইগৰাকী অঘোষিত সম্ৰাটে ছাত্ৰ ঘৰলৈ মাতি হে চহী কৰে নিজৰ ৰেজিষ্টাৰ বহীত ৷ এই কথা বহুদিনৰ পৰা লক্ষ্য কৰি অৱশেষত হাজী আলিৰ ঘৰৰ পৰা ৰেজিষ্টাৰত চহী কৰি উভতা পথত দুই কণমাণি ছাত্ৰৰ ভিডিঅ' ম'বাইল কেমেৰাত আৱদ্ধ কৰিলে স্থানীয় ৰাইজে ৷

ছাৰে ঘৰত থাকি ভাল পায়: সেইবাবে ছাত্ৰই ছাৰৰ হাতত দিয়ে ৰেজিষ্টাৰ বহীৰ হোম ডেলিভাৰী

হাজী আলিৰ এই ময়মতালিৰ ফলত দিনক দিনে অধিক অৱনতি ঘটিছে বিদ্যালয়খনৰ অৱস্থা ৷ প্ৰধান শিক্ষকৰ এই মইমতালিক সম্পূৰ্ণ সমৰ্থন কৰি তেওঁকেই অনুসৰণ কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু শৈক্ষিক পৰিৱেশ আৰু জটিল কৰি তুলিছে বিদ্যালয়ৰ একাংশ শিক্ষকে ৷ নিৰ্ধাৰিত সময় 9 বজাৰ পৰিৱৰ্তে 10 বজা বা তাতকৈও দেৰিকৈহে বিদ্যালয়ত উপস্থিত হয় বিদ্যালয়ৰ বাকী 5 গৰাকীকৈ শিক্ষক ৷ আনকি শ্ৰেণীকোঠাত পাঠদানৰ সময়তো বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীক দেখা যায় মোবাইল ফোন উপভোগ কৰি অৱসৰ-বিনোদনত ব্যস্ত থকাৰ সহজলভ্য দৃশ্য ৷

শিক্ষকসকলক সাংবাদিকে কিয় পলম হ'ল বুলি সোধাৰ প্ৰশ্নৰ উত্তৰ মুখৰ আগতে দিলে ৫৩৮ নং পূৱ কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকসকলে ৷ তেওঁলোকৰ হেনো ঘৰ দূৰৈত সেইবাবে সময়ত উপস্থিত হোৱাত সৃষ্টি হয় অসুবিধা ৷ আন এজন শিক্ষকক বিদ্যালয়ত প্ৰধান শিক্ষক কিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত কলে প্ৰধান শিক্ষক বৰ্তমান ছুটীত কিন্তু কিমান দিনৰ বাবে সেই বিষয়ে হে ছাৰ অৱগত নহয় ৷ কেৱল সেয়াই নহয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাজী আলিৰ অত্যাধিক দায়িত্ববোধৰ তথা কৰ্তব্যৰ প্ৰতি থকা নিস্থাৰ ফলত কনকলস নিম্ন প্ৰাথমিক বিদ্যালয়ত জহি খহি গৈছে মধ্যাহ্ন ভোজনৰ ভোজনালয় ৷ পাকঘৰ দেখিলেই অতি সহজেই উমান পোৱা যায় বহুদিন ধৰি ব্যৱহাৰ হোৱা নাই ৰন্ধন কাৰ্যত ব্যৱহৃত সামগ্ৰী ৷ সাংবাদিকৰ আগত খোদ এই কথা স্বীকাৰ কৰিলে মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে ৷

এতিয়া প্ৰশ্ন হয়, স্থানীয় ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পাছত এতিয়ালৈকে কিয় চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়া প্ৰধান শিক্ষক হাজী আলিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে? শিক্ষাখণ্ডৰ ব্যাপক সংস্কাৰ সাধন কৰা হৈছে বুলি সততে সৰৱ হৈ থকা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য এই বিষয়ত নিমাত কিয়? সময় থাকোতে ব্যৱস্থা লওক কণ-কণ শিশুৰ ভৱিষ্যতৰ লগত খেলা কৰা হাজী আলিৰ দৰে শিক্ষাৰ দৰে পৱিত্ৰ বৃ্ত্তিক কুলষিত কৰা নামধাৰী শিক্ষকক নহলে পাছত চৰকাৰী শিক্ষানুষ্ঠানৰ কিয় এনে অৱস্থা বুলি আক্ষেপ কৰিও একো লাভ নহব ৷

আৰু পঢ়ক: ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বিষয়ে জানো আহক

ABOUT THE AUTHOR

...view details