কৰিমগঞ্জ, 11 জানুৱাৰী : কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে এজন আটকাধীন শিক্ষকে (Accused flees from police custody) ৷ বিভিন্ন দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ফকৰুল ইছলাম নামৰ শিক্ষকজনক সোমবাৰে পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Headmaster arrested in Karimganj) ৷
বিদ্যালয়লৈ অনুমোদিত চৰকাৰী ধন আত্মসাতৰ অভিযোগত এলাকাৰ আচিমিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক ফকৰুল ইছলামৰ বিৰুদ্ধে কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ এজাহাৰ দাখিলৰ পিছতে এলাকাৰ আচিমিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক ফকৰুল ইছলামক পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।