অসম

assam

ETV Bharat / state

পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ

পাথাৰকান্দিৰ তিনিটাকৈ ঘৰৰ লগতে এখন ৰবৰ বাগিচাত অগ্নিসংযোগ কৰিছিল দুষ্কৃতিকাৰীয়ে ৷ সোমবাৰে নিশা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

By

Published : May 14, 2019, 4:23 PM IST

পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ

পাথাৰকান্দি,14 মে' : অৱশেষত আৰক্ষীৰ জালত পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ মূল অভিযুক্ত ৷ সোমবাৰে নিশা পাথাৰকান্দি আৰক্ষীয়ে পিপলাচৰা অঞ্চলৰ গোবিন্দ সিঙৰ পুত্ৰ ৰাজু সিঙক তিনখাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ


উল্লেখযোগ্য যে , কেইমাহমানৰ আগতে পাথাৰকান্দি থানাধীন দোহালিয়া অঞ্চলৰ তিনিটা কৈ ঘৰৰ লগতে এখন ৰবাৰ বাগিচাত অগ্নি সংযোগ কৰিছিল এচাম দুষ্কৃতিকাৰীয়ে । এই ঘটনাক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ পাথাৰকান্দি এলেকা।

ABOUT THE AUTHOR

...view details