অসম

assam

নুৰুল ইছলামৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰত অস্ত্ৰ ভাণ্ডাৰ জব্দ

By

Published : Sep 3, 2021, 9:47 PM IST

বিগত 30 আগষ্ট সংঘটিত হৈছিল ঠিকাদাৰ নুৰুল ইছলামৰ হত্যাকাণ্ড । হত্যাকাণ্ডৰ অভিযুক্ত মাতাব উদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ । এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

arms and ammunitions seized at karimganj
নুৰুল ইছলামৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰত অস্ত্ৰ ভাণ্ডাৰ জব্দ

কৰিমগঞ্জ, 3 ছেপ্টেম্বৰ :কৰিমগঞ্জৰ ঠিকাদাৰ নুৰুল ইছলামৰ হত্যাকাণ্ডৰ ঘটনাত পুনৰ আৰক্ষীৰ সফলতা । বিনোদিনি গাঁৱৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ । হত্যাকাণ্ডৰ অভিযুক্ত মাতাব উদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ । মাতাবৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে দুটা হাতে সজা পিস্তল । এটা মেচিন মেড বন্দুক আৰু কেইবাটাও সজীৱ গুলি । তাৰোপৰি বহু কেইটা চোকা অস্ত্ৰ আৰু এজোৰ সেনাৰ পোছাকসহ কেইবাটাও বন্দুকৰ অংশ বিশেষ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

বিগত 30 আগষ্টত সংঘটিত হৈছিল ঠিকাদাৰ নুৰুল ইছলামৰ হত্যাকাণ্ড । নিলামবজাৰ আৰক্ষীয়ে এতিয়ালৈকে ঘটনাত জড়িত থকাৰ অভিযোগত ছজনক আটক কৰিবলৈ সক্ষম হৈছে । বৃহস্পতিবাৰে জিম্মালৈ অনা মাতাব উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে চলাইছিল অভিযান ।

নুৰুল ইছলামৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰত অস্ত্ৰ ভাণ্ডাৰ জব্দ

নিজৰ বাগিছাৰ শ্ৰমিক সকলক দৰমহা দিবলৈ যোৱাৰ সময়তে সেই পাঁচজনীয়া দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল নুৰুল ইছলামক ৷ তাৰ পাছতে একাংশ স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত নুৰুলক প্ৰথমে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে শিচলৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যু হয় ঠিকাদাৰ গৰাকীৰ ৷

এই হত্যাকাণ্ডৰ সৈতে বিধায়ক ছিদ্দিক আহমেদ জড়িত হৈ আছে বুলি স্থানীয় ৰাইজে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ আৰক্ষীয়ে আটক কৰা অভিযুক্ত কেইটা হৈছে মাতাব উদ্দিন সোণোহাৰ আলী, আজিৰ উদ্দিন, ফজিৰ উদ্দিন আৰু মজিৰ উদ্দিন আৰু এগৰাকী মহিলা আনোৱাৰা বেগম ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :কৰিমগঞ্জত এটা হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খাইছে বিধায়ক ছিদ্দিক আহমেদৰ

ABOUT THE AUTHOR

...view details