কৰিমগঞ্জ, 2 ফেব্ৰুৱাৰীঃ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে পুনৰ দুৰ্নীতি নিবাৰণৰ শাখাৰ অভিযান । কেইবাবছৰ ধৰি চলি থকা এই অভিযানত প্ৰাক্তনমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহে যদিও চৰকাৰ বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । ৰাজ্যখনৰ মন্ত্ৰী সভাৰ সদস্যৰ পদত থকা অৱস্থাত যথেষ্ট দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছিল প্ৰাক্তনমন্ত্ৰী চিদ্দিক আহমেদৰ বিৰুদ্ধে ।
প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান - ANTI CORRUPTION RAIDE AGAINST
ৰাজ্যখনৰ মন্ত্ৰী সভাৰ সদস্য হিচাপে থাকোতে যথেষ্ট দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছিল প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে । ছিদ্দিকৰ বিৰুদ্ধে মাটি বেদখল, নিজৰ মাটিত চৰকাৰী আচনীৰে ছাত্ৰী আৱাস নিৰ্মাণ কৰি আত্মসাত, ৰঘুৰটুক ক্লাব এন্ড লাইব্ৰেৰীৰ নামত চৰকাৰী ধন আত্মসাত আদিকে ধৰি কেবাটাও গুৰুতৰ অভিযোগ ৷ এই অভিযোগসমূহৰ ভিত্তিত বিগত সময়ত গোচৰো ৰুজু হৈছিল । ইয়াৰোপৰি দুৰ্নীতি নিবাৰণ শাখাই কেবাটাও গোচৰৰ তদাৰক কৰিছে ।
![প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান প্ৰাক্তনমন্ত্ৰী চিদ্দিক আহমেদৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5931200-thumbnail-3x2-kkas.jpg)
চিদ্দিকৰ বিৰুদ্ধে মাটি বেদখল, নিজৰ মাটিত চৰকাৰী আঁচনিৰে ছাত্ৰী আৱাস নিৰ্মাণ কৰি ধন আত্মসাৎ কৰা, ৰঘুৰটুক ক্লাব এন্ড লাইব্ৰেৰীৰ নামত চৰকাৰী ধন আত্মসাৎ আদিকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগ ৷ এই অভিযোগসমূহৰ ভিত্তিত বিগত সময়তছোৱাত গোচৰো ৰুজু কৰা হৈছিল । ইয়াৰোপৰি দুৰ্নীতি নিবাৰণ শাখাই কেবাটাও গোচৰৰ তদাৰক কৰিছিল । বিভিন্ন সময়ত দুৰ্নীতি নিবাৰণ শাখাই চিদ্দিক আহমেদৰ সম্পত্তিৰ ওপৰত অভিযান চলাই আহিছে । একেধৰণে দেওবাৰেও দুৰ্নীতি নিবাৰণ শাখাৰ এটা দলে মন্ত্ৰীগৰাকীৰ নিলামবজাৰৰ যাত্ৰাপুৰ এলেকাত থকা বহু বিতৰ্কিত ছাত্ৰী আৱাসত উপস্থিত হৈ অভিযান চলাই ।
উল্লেখযোগ্য যে, কিছু মাহ পূৰ্বে চিদ্দিক আহমেদৰ বিৰুদ্ধে আদালতে চাৰ্জছিট দিছিল আৰু 25 হেজাৰ টকাৰ ব্যক্তিগত জামিন পাই বৰ্তমানে আদালতৰ ৰোষৰ পৰা অব্যাহতি পোৱা চিদ্দিক আহমেদৰ বিৰুদ্ধে পুনৰবাৰ সক্ৰিয় হৈছে দুৰ্নীতি নিবাৰণ শাখা । আনহাতে স্থানীয় ৰাইজৰ মতে বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি প্ৰমানৰ পিছতো কেৱল দিনৰ পিছত দিন ধৰি ৰহস্যজনক নাটক চলাই গৈছে দুৰ্নীতি নিবাৰণ শাখাই ।