কৰিমগঞ্জ, 3 জুলাই :হাইলাকান্দি, কৰিমগঞ্জ আৰু আজি শিলচৰত সীমা নিৰ্ধাৰণ সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয় ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ অজিত ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, তৃণমূল ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, মিছবাহুল ইছলাম লস্কৰ, কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পাল, আতাউৰ ৰহমান মাঝাৰভূঞা, খলিল উদ্দিন মজুমদাৰ, শান্তি কুমাৰ সিঙৰ লগতে উপস্থিত আছিল বিভিন্ন দল-সংগঠনৰ কৰ্মী ।
বৰাকলৈ আহি চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে । সীমা নিৰ্ধাৰণে এ আই ইউ ডি এফৰ ৰাজনৈতিক ভৱিষ্যত নিশ্চিত কৰিছে বুলিও তেওঁ কয় । লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত । এই সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এক শক্তিশালী আন্দোলন গঢ়ি তুলিব লাগে বুলিও তেওঁ কয় । সাংসদ অজিত কুমাৰ ভূঞা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে আজমলৰ লগত আলোচনা কৰি সকলো সিদ্ধান্ত গ্ৰহণ কৰিছিল ।
ৰকিবুল হুছেইনে কয় যে যদি এই সীমা নিৰ্ধাৰণৰ আঁৰত বহ্মপুত্ৰ উপত্যাকাৰ জনসাধাৰণৰ অন্যায় আৰু ক্ষতি হৈছে তেন্তে বৰাক উপত্যকাৰ জনসাধাৰণৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে । বৰাকৰ জনসংখ্যা অনুসৰি ১৮ খন বিধানসভাৰ আসন ১৫ ৰ পৰা ১৩লৈ হ্ৰাস কৰা হৈছে । এয়া বৰাকৰ উন্নয়নৰ বাবে চিন্তাৰ বিষয় । লগতে মুখ্যমন্ত্ৰী আৰু আজমলে বিচৰা ধৰণে সুফল পোৱাৰ বাবে অতি সুখী বুলিও তেওঁ কয় । ৰাইজৰ অসুবিধাক লৈ তেওঁলোকৰ চিন্তা নাই, আজমল মুখ্যমন্ত্ৰীৰ বি টিম ।