কৰিমগঞ্জ, 3 জুলাই :কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী চকীত নতুনকৈ দুজন সেনা জোৱানৰ দেহত ধৰা পৰিছে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ জোৱানকেইজনৰ দেহত ক'ৰণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত কৰিমগঞ্জত সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে ৷
শুকুৰবাৰে নিশা কৰিমগঞ্জত 12 জনৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে পাঁচ জনৰ আক্ৰান্তৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী । ট্ৰেভেল হিষ্ট্ৰী নথকাসকলৰ দুজন বদৰপুৰ আৰক্ষী চকীৰ বিষয়া। এজন বদৰপুৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াৰ দেহৰক্ষী আৰু আনজন মহিলা চাফাই কৰ্মী ।