কৰিমগঞ্জ, 27 মাৰ্চঃ ছমাহ ধৰি বন্ধ কৰিমগঞ্জ পথাৰকান্দি সমষ্টিৰ লোৱাইপয়া 20 নম্বৰ অংগনবাদী কেন্দ্ৰ৷ কেন্দ্ৰটোত ছমাহ ধৰি অনুপস্থিত অংগনবাদী কৰ্মী ৷ অংগনবাদী কৰ্মীৰ বিৰুদ্ধেশিশু খাদ্যলুন্ঠনৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
কৰিমগঞ্জত ছমাহে বন্ধ অংগনবাদী কেন্দ্ৰ - Karimganj
অভিযুক্ত অংগনবাদী কৰ্মী সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী
ছমাহ ধৰি বন্ধ হৈ থকা অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলে ঘৰত বহি বহি দৰমহা লোৱাৰ লগতে শিশু সকলৰ নামত অহা খাদ্যসমুহো দিয়া নাই ছাত্ৰ-ছাত্ৰী সকলক ৷ দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে কৰ্মী সকলৰ বিৰুদ্ধে অভিযোগ কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাইবিভাগীয় কৰ্তৃপক্ষই৷ এতিয়া অংগনবাদী কেন্দ্ৰটোৰ কণ কণছাত্ৰ-ছাত্ৰী সকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ উপৰিও শিশু সকলৰ নামত আৱণ্টিত খাদ্য সমুহো লুটি-পুটি খোৱাৰ অভিযোগ কৰ্মীৰ বিৰুদ্ধে ৷ লোৱাইপাৰা ৰাইজৰ দাবী অতি শীঘ্ৰে অংগনবাদী কেন্দ্ৰটোত পুনৰ মুকলি কৰি অভিযুক্ত অংগনবাদী কৰ্মী সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই৷