অসম

assam

ETV Bharat / state

অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ

অংগনবাড়ী কৰ্মী আৰু নিৰীক্ষকে খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । ৩-৬ বছৰীয়া শিশুৰ নিৰীক্ষকে খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ
অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ

By

Published : Nov 2, 2020, 2:30 PM IST

কৰিমগঞ্জ , 2 নৱেম্বৰ :৩-৬ বছৰৰ শিশুক অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ জৰিয়তে বিতৰণ কৰিবলৈ দিয়া খাদ্য সামগ্ৰীৰ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । অংগনবাড়ী কৰ্মী আৰু নিৰীক্ষকে খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ
পাথাৰকা‌ন্দি শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা বিনদীনি জিপিৰ 213 নং কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । তেওঁ লোকৰ অভিযোগ অনুসৰি আন আন কেন্দ্ৰ সমূহত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বিপৰীতে এই কেন্দ্ৰত দীর্ঘদিন ধৰি কোনো খাদ্য সামগ্ৰী বিতৰণ কৰা হোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত কেন্দ্ৰটোৰ কৰ্মী নিৰীক্ষকৰ সহযোগত এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে ।

ABOUT THE AUTHOR

...view details