অসম

assam

By

Published : Dec 5, 2019, 10:09 PM IST

ETV Bharat / state

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ হিন্দু সুৰক্ষা সেনা আৰু অসম বঙালি বিজেপি নেতাৰ

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ হিন্দু সুৰক্ষা সেনা আৰু অসম বঙালি বিজেপি নেতাৰ ৷ অসমত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়া মন্তব্যৰ বিৰুদ্ধে গোচৰ ৷

pradip dutta rai
প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ

নিউজ ডেক্স , 5 ডিচেম্বৰ : হিন্দু সুৰক্ষা সেনাৰ নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৷ প্ৰদীপ দত্ত ৰায়, চন্দন চেটাৰ্জী আৰু গাৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ অসমত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়া বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে হিন্দু সুৰক্ষা সেনাৰ এজাহাৰ দাখিল । ইফালে ফেচবুকত এক দীঘলীয়া ভিডিঅ' আপলোড কৰি অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে নামানিবলৈ উচতনিমুলক মন্তব্য দিয়া আন এজন বঙালী নেতা চন্দন চেটাৰ্জী আৰু গাৰ্গ চেটাৰ্জীৰ বিৰুদ্ধেও গোচৰ তৰিলে সংগঠনটোৱে ।

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ

আনহাতে অসমৰ বঙালি বিজেপি নেতাৰ তীব্ৰ গৰিহনা বৰাকৰ স্বয়ম্ভু নেতা প্ৰদীপ দত্ত ৰায় বিৰুদ্ধে । প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অসমৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ ভাইচ চেয়াৰমেন ৰামকৃষ্ণ ঘোষে কয়, অসমৰ ভাষা, সংস্কৃতি, ধৰ্ম ৰক্ষা কৰাৰ সময়তে এইগৰাকী নেতাই জুই লগাই দিছে । তেওঁ বিজেপিৰ নেতা নহয়, কিছু সংবাদ মাধ্যমত বিজেপি নেতা বুলি উপস্থাপন কৰাটোৰো বিৰোধিতা তেওঁ । 1 বছৰ পূৰ্বে তেঁওক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে । ৰামকৃষ্ণ ঘোষে কয় গৃহমন্ত্ৰী অমিত শ্বাহেও বঙালিৰ স্বাৰ্থৰ বিৰুদ্ধে মাত মতা নাই, এনেক্ষেত্ৰত কিয় প্ৰদীপ দত্ত ৰয়ে মন্তব্য কৰিবলগা হ'ল ।

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ

জ্যেষ্ঠ বিজেপি নেতা তথা উদ্যোগীক উন্নয়ন পৰিষদৰ চেয়াৰমেন মিশন ৰঞ্জন দাসে কয়, প্ৰদীপ দত্ত ৰয় এগৰাকী প্ৰতিক্ৰিয়াশীল মানুহ । তেওঁ অমিত শ্বাহৰ কথা ভালকৈ বুজিব পৰা নাই অথবা অধিক বুজিছে বুলি কটাক্ষ কৰে । কেব গৃহীত কৰাৰ সময়তে অসম বিশ্ব বিদ্যালয়ৰ ছাত্ৰক দি ১৯৬১ৰ দৰে ভাষা আন্দোলন কৰোৱাৰ মন্তব্য গৰিহনাৰ যোগ্য বুলি কয় । তেঁওৰ এনে মন্তব্যই ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰভাৱ পেলাইছে বুলিও কয় । বৰাক উপত্যকাত কোনও যাতে তেওঁৰ মন্তব্য অনুসৰণ কৰি আন্দোলনৰ ফালে নাযায় তাৰ বাবে আহ্বান জনায় মিশন ৰঞ্জন দাসে ।

আৰু পঢ়ক :উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details