কৰিমগঞ্জ,11ছেপ্তেম্বৰঃ কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হ'ল এম্বুলেঞ্চ। পথৰ দাঁতিত এঘন্টা সময় ধৰি পৰি থাকিল এম্বুলেঞ্চত থকা ৰোগী ৷ দুৰ্ঘটনাত পতিত হোৱা এম্বুলেঞ্চখন উদ্ধাৰ কৰিবলৈ স্থানীয় ৰাইজে চেষ্টা কৰিও বিফল হ'ল ৷ অবশেষত এঘন্টাৰ পিছত আন এখন এম্বুলেঞ্চৰ সহযোগত ৰোগী গৰাকীক প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ । কৰিমগঞ্জৰ বাটইয়া এলেকাত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা । বাৰইগ্ৰাম আদৰ্শ চিকিৎসালয়ৰ পৰা এগৰাকী মুমূৰ্ষু ৰোগীক এম্বুলেঞ্চ যোগে প্ৰেৰণ কৰা হৈছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ । পিছে বাটইয়া অঞ্চলত থকা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত সোমাই নিয়ন্ত্ৰণ হেৰোৱাই ৰাজপথত আবদ্ধ হৈ পৰে এম্বুলেঞ্চখন।
কৰিমগঞ্জত বিধ্বস্ত পথৰ বাবে দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ - কৰিমগঞ্জত বিধ্বস্ত পথৰ বাবে দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ
বাৰইগ্ৰাম আদৰ্শ চিকিৎসালয়ৰ পৰা এগৰাকী মুমূৰ্ষু ৰোগীক এম্বুলেঞ্চ যোগে প্ৰেৰণ কৰা হৈছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ । পিছে বাটইয়া অঞ্চলত থকা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত সোমাই নিয়ন্ত্ৰণ হেৰোৱাই ৰাজপথত আবদ্ধ হৈ পৰে এম্বুলেঞ্চখন ৷
বিধ্বস্ত পথৰ বাবে দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ
উল্লেখযোগ্য যে,প্ৰায় চাৰিটা বছৰ ধৰি অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৱামাৰাৰ পৰা বাটইয়া পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 20 কিলোমিটাৰ অংশ জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে ৰাইজক জলাকলা খোৱাই আহিছে । পথৰ মাজত থকা পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতত পৰি নিতৌ বিভিন্ন বাহন দুৰ্ঘটনাত পতিত হয় । তথাপিও পথৰ এই অংশটো আজিলৈকে নিৰ্মাণ তথা মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।