কৰিমগঞ্জ, 1 আগষ্ট :মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে ৰাজ্যখনৰ পৰা দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰিয়েই বিভাগীয় মন্ত্ৰীসকলেও দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ৷ শেহতীয়াকৈ বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ থকা বিষয়াক চৰকাৰ তথা প্ৰশাসনে নিলম্বন কৰা দেখিবলৈ পোৱা গৈছে ৷
দুৰ্নীতিমূলক কাম-কাজৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনৰ অভিযান অব্যাহত থকাৰ সময়তে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ সমবায় বিভাগতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ কৰিমগঞ্জৰ সমবায় বিভাগৰ অধীনৰ এজেন্টসমূহে বিভিন্ন দুৰ্নীতি সংঘটিত কৰি অহাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ কৰিমগঞ্জৰ খাদ্য আৰু অসামৰিক বিভাগৰ অধীনৰ বদৰপুৰ উত্তৰ-পূৱ সমবায় সমিতিৰ এজেন্ট কিৰেন্দ্ৰ ৰায় আৰু জিতেন্দ্ৰ ৰায়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৷ উল্লেখযোগ্য যে, হিতাধীকাৰীক যিমান পৰিমাণৰ চাউল আৰু কেৰাচিন দিব লাগে তাতকৈ যথেষ্ট কম পৰিমাণে উক্ত সামগ্ৰী যোগান ধৰাৰ অভিযোগ তুলিছে হিতাধীকাৰীসকলে ৷