কৰিমগঞ্জ , ১৩ এপ্রিল: কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ ৪৭৮নং মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক আৰু খণ্ড শিক্ষা বিষয়াৰ ভয়ত পেপুৱা লাগিছে বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি (Allegation of corruption against headmaster)। বিদ্যালয়খনত সংঘটিত হোৱা বিত্তীয় কলেংকাৰি আৰু শিক্ষকৰ অনুপস্থিতিৰ তথ্য সাংবাদিক আৰু অতিৰিক্ত উপায়ুক্তক হাতে-লোটে ধৰাই দিয়া বাবে প্ৰতিদিনেই ভাবুকিৰ সম্মুখীন হৈ আছে সভাপতিগৰাকী । উপায়ন্তৰ হৈ সুৰক্ষাৰ লগতে ন্যায় বিচাৰি কাষ চাপিছে জিলা উপায়ুক্তৰ ।
জিলাখনৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ ৪৭৮নং মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ দীৰ্ঘ দিনৰ পৰাই অৱনতি হৈ আহিছিল (corruption in Ramakrishnanagar Education Block)। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বুদ্ধ দাস বিদ্যালয়ত উপস্থিত হৈ প্ৰতিদিনেই চহী কৰি গাঁৱত আড্ডা মাৰিবলৈ ওলাই যায় । বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি আৰু ৰাইজে দীৰ্ঘদিনৰ এনে অভিযোগ উত্থাপন কৰি অহাত সাংবাদিকসহ শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্তগৰাকী ছাডেন ভিজিটত উপস্থিত হয় বিদ্যালয়খনত ।
বিদ্যালয়ৰ পৰিবৱেশ দেখি চখু কপালত উঠে অতিৰিক্ত উপায়ুক্তগৰাকীৰ । দিনৰ ১১ বজাত নাছিল এজনো ছাত্ৰ । তিনিজনৰ মাজত এজন শিক্ষকহে উপস্থিত আছিল । প্ৰধান শিক্ষকগৰাকী আন দিনাৰ দৰেই বিদ্যালয়ৰ পৰা কিছু দুৰত থকা এখন দোকানত তাছ খেলত ব্যস্ত আছিল । সাংবাদিক সেই দোকানখনত উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে বিদ্যালয়ৰ ফালে । বিদ্যালয়ত উপস্থিত হৈ পুনৰ অতিৰিক্ত উপায়ুক্তগৰাকীৰ ৰোষত পৰে প্ৰধান শিক্ষক বুদ্ধ দাস ।