কৰিমগঞ্জ, 20 নবেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতাত কৰিমগঞ্জত আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে অল ইণ্ডিয়া ডিএছঅ’য়ে । শুকুৰবাৰৰ পৰা সপ্তাহজোৰা আন্দোলন আৰম্ভ কৰিছে ছাত্ৰ সংগঠনটোৱে । আজি হাতত প্লে কাৰ্ড লৈ এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতাত কৰিমগঞ্জৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অল ইণ্ডিয়া ডিএছঅ’য়ে । সংগঠনৰ নেতৃবৃন্দই শাসকীয় দলে ৰাজনীতিৰ স্বাৰ্থত শিক্ষাক বেচৰকাৰীকৰণ কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ ল’ৰা ধেমালী কৰিছে বুলি অভিযোগ কৰে । এই শিক্ষা নীতি কোনো কাৰণতেই মানি নোলোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতাত সপ্তাহজোৰা আন্দোলন অল ইণ্ডিয়া ডিএছঅ’ৰ - অল ইণ্ডিয়া ডিএছঅ’
শাসকীয় দলে ৰাজনীতিৰ স্বাৰ্থত শিক্ষাক বেচৰকাৰীকৰণ কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ ল’ৰা ধেমালী কৰিছে বুলি অভিযোগ কৰে অল ইণ্ডিয়া ডিএছঅ’য়ে ।
![ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতাত সপ্তাহজোৰা আন্দোলন অল ইণ্ডিয়া ডিএছঅ’ৰ all india dso protest against national education policy](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9610173-thumbnail-3x2-k.jpg)
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতাত সপ্তাহজোৰা আন্দোলন অল ইণ্ডিয়া ডিএছঅ’ৰ