কৰিমগঞ্জ, 4 জুলাই :আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে লাভ কৰিলে জামিন ৷ গ্ৰেপ্তাৰ হোৱাৰ পিচৰে পৰা অসুস্থতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিধায়ক নিজাম উদ্দিন চৌধুৰী ৷ ১৪৪ ঘন্টাৰ অন্তত জামিন লাভ কৰিলে AIUDF ৰ বিতৰ্কিত বিধায়কজনে ৷ ২৮ জুনত পাচগ্ৰাম আৰক্ষী থানাৰ অ’চিয়ে এটা গোচৰত বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰি আদালতত চমজাই দিয়ে । কাৰাগাৰৰ জিম্মাত চিকিৎসাধীন হৈ আছিল বিধায়ক চৌধুৰী ৷
অভিযোগ মতে, বাৰ্মিজ বেটেল বাদামত আৰক্ষীৰ গোপন বুজাবুজি উদঙাই দিয়াৰ বাবে বিধায়কজনক ফ্ৰেম কৰা হৈছিল ! আৰক্ষীয়ে বিধায়ক চৌধুৰীক দীৰ্ঘদিনৰ বাবে আটক কৰিব নোৱাৰিলে, ১৫০ ঘণ্টাৰ ভিতৰতে বিধায়কজনৰ জামিন মঞ্জুৰ কৰা হ’ল ।
জামিন লাভৰ খবৰ পাই চিকিৎসাধীন হৈ থকা বিধায়ক নিজাম চৌধুৰীয়ে সমৰ্থক আৰু অনুগামীৰ সৈতে স্বস্তিৰে নিশ্বাস পেলায় । প্ৰসংগক্ৰমেঃ হাইলাকান্দি জিলাৰ পঞ্চগ্ৰাম থানাত ৫৯/২৩ নম্বৰত ৰুজু হোৱা গোচৰত বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল । বিধায়ক নিজামৰ বিৰুদ্ধে কাটাখাল আৰক্ষীৰ আউট পোষ্টৰ কৰ্তব্যভাৰত বাধা দিয়াৰ লগতে এজন ব্যক্তিৰ গাড়ী ভাঙি পেলোৱাকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছে ।