অসম

assam

ETV Bharat / state

Constituency Delimitaion: সমষ্টি পুনৰ নিৰ্ধাৰণ; 27 জুনত বৰাক বন্ধৰ আহ্বান এআইইউডিএফৰ বিধায়কৰ - Assam Constituency Delimitaion

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে দেওবাৰে হাইলাকান্দি জিলাৰ কাটলিচেৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাহাবাদ বজাৰত এআইইউডিএফ দলৰ উদ্যোগত অনুষ্ঠিত হয় নাগৰিক সভা ৷ সভাত এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক সুজাম উদ্দিন লস্কৰ, বিধায়ক জাকিৰ হুছেইন লস্কৰ, বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে অংশগ্ৰহণ কৰে ৷

AIUDF Protest Against Constituency Delimitaion
প্ৰতিবাদী সমদল

By

Published : Jun 25, 2023, 10:52 PM IST

এআইইউডিএফ উদ্যোগত নাগৰিক সভা

কৰিমগঞ্জ, 25 জুন: ‘‘নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকাখন সম্পূৰ্ণ অবৈধ আৰু অযুক্তিকৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব ৷ এই খচৰা তালিকা অসম বিভাজনৰ এক উদাহৰণ ৷’’ এই মন্তব্য AIUDF বিধায়কৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে দেওবাৰে হাইলাকান্দি জিলাৰ কাটলিচেৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাহাবাদ বজাৰত এআইইউডিএফ দলৰ উদ্যোগত অনুষ্ঠিত হয় এখন নাগৰিক সভা ৷

এই সভাত উপস্থিত থকা দলটোৰ নেতা সকলে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই বিভ্ৰান্তিকৰ খচৰা প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন চলি থাকিব ৷ শৰীৰৰ শেষ টোপাল তেজ থকালৈকে এই সংগ্ৰাম চলি থাকিব লগতে এই যুঁজত যোগদান কৰিবলৈ সকলোকে আহ্বান জনাই তেওঁলোকে ৷

এই নাগৰিক সভাত এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক সুজাম উদ্দিন লস্কৰ, বিধায়ক জাকিৰ হুছেইন লস্কৰ, বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে অংশগ্ৰহণ কৰে ৷ জিলা সভাপতি আফজল হুছেইন লস্কৰৰ সভাপতিত্বত আয়োজিত এই সভাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে AIUDF ৰ বিধায়ক, নেতা-কৰ্মী সকলে ৷

সভাত বিধায়ক কৰিম উদ্দিন বৰভূঞাই কয় যে, হাইলাকান্দি জিলাৰ তিনিটা বিধানসভা সমষ্টিত মুছলমানসকলৰ ৰাজনৈতিক অধিকাৰ ক্ষুণ্ণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷ মুছলমানৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছে আৰ এছ এছৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বুলি কয় তেওঁ ৷

কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে সভাত কয় যে, হাইলাকান্দি জিলাখন সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে ছিন্নভিন্ন হৈ পৰিছে ৷ স্বাধীনতাৰ পিছৰে পৰাই হাইলাকান্দি জিলাৰ কাটলিচেৰাত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে ৷ প্ৰয়াত গৌৰী শংকৰ ৰয়, প্ৰয়াত সন্তোষকুমাৰ ৰয়, প্ৰয়াত তাজমুল আলী লস্কৰ, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় এই সমষ্টিৰ পৰাই বিধায়ক নিৰ্বাচিত হৈছিল ৷

গতিকে এই সমষ্টি বিলুপ্ত কৰাতো সম্পূৰ্ণ অবৈধ বুলি উল্লেখ কৰি বিধায়কজনে কয় যে, এই খচৰাই আৰ এছ এছ-বিজেপিৰ সাম্প্ৰদায়িক আৰু বিভাজনমূলক নীতি উদঙাই দিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি নিৰ্বাচন আয়োগে এই খচৰা প্ৰস্তুত কৰিছিল বুলি কয় বিধায়কজনে ৷ ধৰ্মীয় সংখ্যা লঘুসকলৰ অধিকাৰ কাঢ়ি নিবলৈ বিজেপিৰ নিৰ্দেশত আয়োগে এই খচৰা প্ৰস্তত কৰিছে বুলি কয় তেওঁ ৷ সভাত এআইইউডিএফ দলৰ কাছাৰ জিলাৰ সভাপতি ছামিনুল হক, যুৱ মঞ্চৰ ৰাজ্যিক সম্পাদক আব্দুল্লা চৌধুৰী, দিলোৱাৰ হুছেইনে আদিয়ে ভাষণ দিয়ে ৷

সভাৰ অন্তত সাহাবাদ বজাৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে, বিধায়ক কৰিম উদ্দিন বৰভূঞাই 27 জুনত এআইইউডিএফ দলে বৰাক বন্ধ ঘোষণা কৰিছে বুলি কৈ এই বন্ধত সহযোগ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাই বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণক জোলোকা-জোলোকে পানী খুৱাইছে; সুস্মিতা দেব

ABOUT THE AUTHOR

...view details