কৰিমগঞ্জ, 22 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰ প্ৰকাশ পোৱাৰ পাচতেই শংকিত হৈ পৰিছে বিৰোধীৰ লগতে শাসকীয় দলৰো একাংশ বিধায়ক ৷ সমান্তৰালভাৱে সাধাৰণ ৰাইজেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ বিজেপি আৰু AIUDFৰ স্বাৰ্থ সুৰক্ষাৰ বাবেহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কচৰা প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে ৷
এই অভিযোগৰ বিপৰীতে প্ৰকাশিত খচৰাই যথেষ্ট হেঁচাত পেলাইছে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক ৷ কাৰণ অনিশ্চিত হৈ পৰিছে বিধায়াকগৰাকীৰ ৰাজনৈতিক ভৱিষ্যত ৷ যাৰ বাবে এই প্ৰস্তাৱিক খচৰাক মানি ল’ব পৰা নাই সংখ্যালঘু বিধায়কগৰাকীয়ে ৷
বিধায়ক জাকিৰ হুছেইন লস্কৰৰ অভিযোগ যে নিৰ্বাচন আয়োগে সংখ্যালঘুৰ স্বাৰ্থক হত্যা কৰিবলৈ একপক্ষীয়ভাৱে সীমা নিৰ্ধাৰণ কৰি খচৰা প্ৰকাশ কৰিছে ৷ ভাৰতীয় নিৰ্বাচন আয়োগে আৰ এছ এছৰ (RSS) নিৰ্দেশ অনুসৰি কাম কৰি আছে ৷ ইয়াৰ বাবেই ৰাতিটোৰ ভিতৰতে হাইলাকান্দিৰ জনগাঁথনি সলনি হৈছে ৷