অসম

assam

ETV Bharat / state

এ আই ইউ ডি এফৰ সভাত বিজেপিক ভোট দিয়াৰ আহ্বান

বিজেপি নে কংগ্ৰেছ কাৰ লগত এ আই ইউ ডি এফৰ গোপন মিতিৰালি এয়া অস্পষ্ট যদিও এ আই ইউ ডি এফৰ এক কৰ্মী সভাৰ পাচতেই যেন স্পষ্ট হৈ পৰিছে বহু কথা ৷

By

Published : Apr 12, 2019, 10:09 AM IST

বিজেপিক ভোট দিয়াৰ আহ্বান

কৰিমগঞ্জ, 12 এপ্ৰিল : বিজেপি নে কংগ্ৰেছ কাৰ লগত এ আই ইউ ডি এফৰ গোপন মিত্ৰতা ৷ এইবেলি নিৰ্বাচনত কাৰ লগত এ আই ইউ ডি এফে মিত্ৰতা কৰিব এই প্ৰশ্নই সকলোৰে মনত খলকনি তোলাৰ সময়তে দক্ষিণ কৰিমগঞ্জত দেখিবলৈ পোৱা গ'ল এ আই ইউ ডি এফ কৰ্মীৰ বিজেপিক ভোট দিয়াৰ আহ্বান ৷

বিজেপিক ভোট দিয়াৰ আহ্বান

দক্ষিণ কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমেদ খানৰ নেতৃত্বত বান্দৰকনা গাঁৱত অনুষ্ঠিত এ আই ইউ ডি এফৰ দলীয় সভাত আব্দুল ছাত্তাৰ নামৰ এগৰাকী জিলা পৰ্যায়ৰ এ আই ইউ ডি এফ নেতাই বিজেপিক ভোটদানৰ বাবে মুকলিকৈ আহ্বান জনায় ৷ দলীয় কৰ্মী আৰু বিধায়কৰ সন্মুখত এজন নেতাই মুকলিকৈ বিজেপিক ভোট দিবলৈ কোৱাৰ পাচত এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজতে যে গোপন মিত্ৰতা অব্যাহত আছে তাকেই প্ৰমাণ কৰিছে ৷

ABOUT THE AUTHOR

...view details