নিউজ ডেস্ক, 3 নৱেম্বৰ : এফালে মিজোৰামৰ আগ্ৰাসী মনোভাৱ । আনফালে অসমৰ তৈলমৰ্দন । এইবাৰ কৰিমগঞ্জ আৰু মামিট জিলা প্ৰশাসনৰ মাজত শনিবাৰে হোৱা বৈঠকৰ চুক্তিপত্ৰ জ্বলাই দিলে মিজো সংগঠনে । আইজলত থকা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সম্মুখত চুক্তিপত্ৰ জ্বলাই অসমৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কৰিলে মিজোৰামৰ উগ্ৰ সংগঠনৰ নেতাসকলে । এটা সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে অসমৰ ওপৰত ভৰষা কৰা মিজোৰামে এইবাৰ পৰিৱৰ্তন কৰিলে ৰণনীতি ।
কিয়নো শনিবাৰে পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত মেদলিছৰা চাহ বাগিছাৰ মেনেজাৰৰ বাংলাত অনুষ্ঠিত কৰিমগঞ্জ আৰু মামিট প্ৰশাসনৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, মেদলিছৰা হৈ মিজোৰামত প্ৰেৰণ কৰা হ'ব অত্যাৱশ্যকীয় সামগ্ৰী । অথচ সেই মেদলিছৰাত এটা সময়ত বেৰিকেড নিৰ্মাণ কৰি কৰিমগঞ্জ প্ৰশাসনে মিজোৰামৰ সৈতে বানিজ্যিক সম্পৰ্ক বন্ধ কৰি দিছিল । কিন্তু সেই আলোচনাত একপ্ৰকাৰ নতি স্বীকাৰ কৰি অত্যাৱশ্যকীয় সামগ্ৰী মিজোৰাম প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল কৰিমগঞ্জ প্ৰশাসনে । যাৰ বাবে এখন শান্তি চুক্তিপত্ৰ তৈয়াৰ কৰা হৈছিল । কিন্তু অসমক চেলেঞ্জ জনাই একেখন চুক্তিপত্ৰ জ্বলাই দিলে মিজো সংগঠনে । কিয়নো এতিয়া মিজোৰাম অসমৰ ওপৰত আৰু নিৰ্ভৰশীল নহয় ।