অসম

assam

ETV Bharat / state

কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

কৰিমগঞ্জৰ পাথাৰকান্দিত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই আফগানিস্থানৰ নাগৰিকক । আটকাধীন নাগৰিক দুজন বাহাদুৰ খান আৰু শ্বেৰ খান ৷ লোকদুজনৰ প্ৰকৃত ঘৰ আফগানিস্থানৰ পাৰ্টিকা জিলাত ৷

By

Published : Apr 29, 2019, 5:52 PM IST

কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

কৰিমগঞ্জ, 29 এপ্ৰিলঃ কৰিমগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই পাথাৰকান্দি চহৰৰ মেইন ৰোডৰ মফিজুল হক তাপাদাৰ নামৰ এগৰাকী লোকৰ গৃহৰ পৰা আটক কৰে আফগান নাগৰিক দুজনক । আৰক্ষীয়ে লোক দুজনৰ পৰা ভাৰতৰ পান কার্ড, আধাৰ কার্ডসহ কেইবাখনো ভুৱা পাচবুক আৰু জন্ম নথিপত্ৰ জব্দ কৰে ৷

কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

উল্লেখ্য যে, বিগত দুই বছৰ লোক দুজনে অবৈধভাৱে পাথাৰকান্দিত বসবাস কৰি আহিছিল ৷ আৰক্ষীয়ে দেওবাৰেই আফগান নাগৰিক দুজনক আটক কৰিছিল যদিও সংবাদ মাধ্যমৰ পৰা এই তথ্য গোপনে ৰখাত বৰ্তমান আৰক্ষীৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

...view details