কৰিমগঞ্জ, 29 আগষ্টঃ NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন ৷ জিলাখনৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ বাবে জিলা উপায়ুক্তৰ আৰক্ষী অধিক্ষক, আৰক্ষী বিষয়া আৰু সীমা সুৰক্ষা বাহীনিক লৈ বৈঠক । ইতিমধ্যে NRC সেৱা কেন্দ্ৰ সমূহত সকলো যাৱতীয় কামৰ সামৰণি পৰিছে । অৱশ্যে জিলাখনত NRC ক লৈ সাধাৰণ ৰাইজ কিছু সংকিত । বহুলোকে শুদ্ধ NRC হোৱাৰ আশা প্ৰকাশ কৰিছে যদিও বহু লোক এতিয়াও শুদ্ধ NRC প্ৰকাশ পোৱাৰ সম্ভাৱনাক লৈ সংকতি ৷ ইপিনে বহু স্থায়ী বাসিন্ধাৰ নাম অন্তৰ্ভূক্তি নোহোৱা আনফালে বহু বিদেশীৰ নাম অন্তৰ্ভূক্তি হোৱাক কেন্দ্ৰ কৰি অশান্তি সৃষ্টি হোৱাৰ সম্ভৱনা আছে বুলি শংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে ৷
NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
31 আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা ৷ NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাৱে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন । তালিকা প্ৰকাশৰ পাছত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সাজু আছে আৰক্ষী প্ৰশাসন ।
NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন
NRC প্ৰকাশৰ এদিন পূৰ্বে কৰিমগঞ্জত প্ৰশাসনে অনুষ্ঠিত কৰে এক নিৰাপত্তা সভা ৷ সভাত আৰক্ষীৰ বাহিৰেও সীমা সুৰক্ষা বাহিনী বিষয়া সকল উপস্থিত থাকে ৷ জিলা উপায়ুক্ত মনিভান্নানে কয়, NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন । ইপিনে ইতিধ্যে অপ্ৰীতিকৰ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে জিলাখনত প্ৰায় ৯ টা কোম্পানীৰ কেন্দ্ৰীয় সুৰক্ষা বাহিনী আহি উপস্থিত হৈছে । কৰিমগঞ্জত মুঠ ৯১৯৬৩ লোকে পুনৰ নিৰিক্ষণৰ দাবী জনাইছিল ।