অসম

assam

ETV Bharat / state

নিলাম বজাৰ আৰক্ষীৰ জালত কিশোৰী হত্য়াৰ চেষ্টাত জড়িত অভিযুক্ত - নিলাম বজাৰ আৰক্ষীৰ জালত কিশোৰী হত্য়াৰ চেষ্টাত জড়িত অভিযুক্ত

29 জুলাইত কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাটইয়া বজাৰৰ আনিছা টেক্সটাইল নামৰ এখন কাপোৰৰ দোকানৰ ট্ৰায়েল ৰুমৰ পৰা ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল ছাজিদা আখতাৰ নামৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰী গৰাকীক দুৰ্বৃত্তই হত্যাৰ চেষ্টা চলোৱা বুলি অনুমান কৰিছিল আৰক্ষীয়ে ৷ কিন্তু বুধবাৰে আৰক্ষীয়ে এই কাণ্ডত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Police arrested teenager murderer in karimganj assam etv bharat news
আৰক্ষীৰ জালত কিশোৰী হত্য়াকাৰী

By

Published : Aug 13, 2020, 9:21 AM IST

Updated : Aug 13, 2020, 10:44 AM IST

কৰিমগঞ্জ,13 আগষ্ট: অৱশেষত আৰক্ষীৰ জালত পৰিল কিশোৰী হত্যাৰ চেষ্টাত জড়িত এগৰাকী যুৱক ৷ বিগত 29 জুলাইত কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাটইয়া বজাৰৰ আনিছা টেক্সটাইল নামৰ এখন কাপোৰৰ দোকানৰ ট্ৰায়েল ৰুমৰ পৰা ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল ছাজিদা আখতাৰ নামৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰী গৰাকীক দুৰ্বৃত্তই হত্যাৰ চেষ্টা চলোৱা বুলি অনুমান কৰিছিল আৰক্ষীয়ে ৷ ডিঙি কটাৰ ফলত মুখেৰে মাতিব নোৱাৰা ছাত্ৰীগৰাকীয়ে এখন কাগজত লিখি দিছিল এক বিশেষ ম’বাইল নম্বৰ ৷ সাধাৰণ লোকৰ দৃষ্টিত এয়া এক আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনা আছিল যদিও আৰক্ষীৰ হাতত পৰা চিচিটিভি ফুটেজৰ ভিত্তিত অভিযান চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘটনাটোৰ লগত জড়িত মূল অভিযুক্তক ৷

চিচিটিভি ফুটেজত আৱদ্ধ দৃশ্য অনুসৰি, এগৰাকী যুৱকে মটৰ চাইকেলত উঠাই যুৱতীগৰাকীক লৈ গৈছিল কোনো অজ্ঞাত স্থানলৈ ৷ ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৰুজু কৰা গোচৰৰ ভিত্তিত ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই নিছিল নিলাম বজাৰ আৰক্ষীয়ে ৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জাকিৰ হুছেইন নামৰ এগৰাকী যুৱকক ৷ আটকানাধীন যুৱক গৰাকী নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাটইয়া গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ নিলাম বজাৰ আৰক্ষী চকীৰ বিষয়া আনোৱাৰ হুছেইন চৌধুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এক গোপন স্থানৰ পৰা অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।

ইফালে ঘটনাৰ সঠিত তদন্ত নকৰি আধাতে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে ৷ উক্ত ঘটনাৰ সঠিক তদন্তৰ দাবীত বুধবাৰে নিলাম বজাৰ আৰক্ষীৰ বিৰুদ্ধে আন্দোলন সাব্যস্ত কৰে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠনৰ কৰ্মকৰ্তাসকলে ৷ ভূক্তভোগী ছাত্ৰীগৰাকীয়ে সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছে ৷

লগতে চাওকঃ'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

Last Updated : Aug 13, 2020, 10:44 AM IST

ABOUT THE AUTHOR

...view details