বদৰপুৰ,১৮ জুন : অসম ত্ৰিপুৰা সংযোগী ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ৪৫ দিনত ১৬ টাকৈ দুৰ্ঘটনা সংঘটিত হোৱাত আতংকই বিৰাজ কৰিছে পথচাৰীৰ মাজত । কৰিমগঞ্জৰ পৰা বদৰপুৰ অঞ্চলৰ মাজত আজি পৰ্যন্ত আঠজনকৈ যাত্ৰী নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে। কম বয়সতে অনভিজ্ঞ চালকক গাড়ী চলাবলৈ দিয়াৰ বাবে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে সাধাৰণ ৰাইজে। লাইচেন্স বিহীন চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই এনেদৰে আঠজনকৈ যাত্ৰী নিহত হোৱা বুলি অনুমান কৰা হৈছে। তাৰোপৰি,গাড়ী চালকসকলে অ'ভাৰটেকৰ চেষ্টা চলোৱাৰ বাবেও এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ: যোৱা ডেৰমাহত ৮ জন নিহত - ৪৫ দিনত ১৬ টা দুৰ্ঘটনা
বিগত ৪৫ দিনত ১৬টা দুৰ্ঘটনা সংঘটিত হৈছে অসম ত্ৰিপুৰা সংযোগী ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত। এই পৰ্যন্ত দুৰ্ঘটনাত নিহত হৈছে আঠজনকৈ যাত্ৰী ।
ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ : যোৱা ডেৰমাহত ৮ জন নিহত
বদৰপুৰৰ যান - বাহন আৰক্ষী সমচুল ইছলামে জানিবলৈ দিয়া অনুসৰি, পথৰ অৱস্থা বুজ নোলোৱাকৈ চালকে তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। সোমবাৰে নিশাও শ্ৰীগৌৰি এলেকাত দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি খুন্দাত এজন চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কৰিমগঞ্জৰ পৰিবহন বিভাগ আৰু অসম আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰালৈকে এনে দুৰ্ঘটনা সংঘটিত হৈয়ে থাকিব বুলি অনুমান কৰিছে অঞ্চলটোৰ ৰাইজে।