অসম

assam

By

Published : Sep 27, 2019, 11:46 PM IST

ETV Bharat / state

পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

কৰিমগঞ্জৰ বাইপাচত শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক ৷ এনফোৰ্চমেন্ট কৰ্মীয়ে বাইপাচত গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাত ব্যস্ত থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী

কৰিমগঞ্জ , 27 চেপ্তেম্বৰঃ শুকুৰবাৰে কৰিমগঞ্জ বাইপাচত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিয়ে বাইক চালক মহিদুল বৰভূঁঞা | মৃত ৩৫ বছৰীয়া যুৱকজনৰ ঘৰ কাছাৰ জিলাৰ গুমৰাত ৷ ঘটনাৰ বিৱৰণী মতে , অত্যাধিক বোজা কঢ়িয়াই অসম ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS10C-5876 ডাম্পাৰখনে শিল কঢ়িয়াই লৈ যোৱা অৱস্থাত এনফোৰ্চমেন্টৰ কৰ্মীয়ে পিছা কৰাত ট্ৰাকখনে গতিবেগ বঢ়াই দিয়ে ৷ যাৰ ফলত ট্ৰাকখনে আগে আগে গৈ থকা AS11N-5020 নম্বৰৰ বাইকখনত খুন্দা মৰাত বাইকৰ পৰা ছিটিকি পৰে মহিদুল বৰভূঁঞা ৷ স্থানীয় ৰাইজৰ অভিযোগ, এনফোৰ্চমেন্ট কৰ্মীয়ে বাইপাচত গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাত ব্যস্ত থকাৰ বাবেই বাৰে বাৰে সেই অঞ্চলত সংঘটিত হয় এনে ঘটনা ৷

পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী

ABOUT THE AUTHOR

...view details