অসম

assam

ETV Bharat / state

অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাইঃসদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা - কৰিমগঞ্জ সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা

অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিমগঞ্জ সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ৷ ৬ নং দফা সংশোধন কৰি কেৱল খিলঞ্জীয়া অসমীয়া বা খিলঞ্জীয়া শব্দ ব্যবহাৰ কৰাৰ বাবে যি চেষ্টা চলোৱা হৈছে সেয়া দূৰ্ভাগ্যজনক আখ্যা সভাপতি মনিৰউদ্দীন আহমেদৰ

অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাইঃসদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা

By

Published : Sep 18, 2019, 7:25 PM IST

কৰিমগঞ্জ,18 ছেপ্টেম্বৰঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিমগঞ্জ সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ ৷ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি মনিৰউদ্দীন আহমেদে কয় যে, অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাই ৷ ৬ নং দফা সংশোধন কৰি কেৱল খিলঞ্জীয়া অসমীয়া বা খিলঞ্জীয়া শব্দ ব্যবহাৰ কৰাৰ বাবে যি চেষ্টা চলোৱা হৈছে সেয়া দূৰ্ভাগ্যজনক আখ্যা সভাপতিগৰাকীৰ ৷ ৬ নং দফা ৰূপায়নৰ ক্ষেত্ৰত যি সমিতি গঠন কৰা হৈছে সেই সমিতিত এজনো বাঙালী বুদ্ধিজীৱী বা প্ৰতিনিধিক স্থান দিয়া হোৱা নাই । এয়া অসম চুক্তিৰ অৱমাননা বুলি কয় মনিৰউদ্দীন আহমেদে ৷

অসম চুক্তি অনুযায়ী ৬ নং দফা ৰূপায়ন কৰা হোৱা নাইঃসদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা
আনহাতে এন.আৰ.চি. ৰ ক্ষেত্ৰত বৈধ নথি-পত্ৰ থকা সত্ত্বেও চূড়ান্ত খচৰাৰ পৰা বাদ পৰিল বাঙালীভাষী বহুসংখ্যক লোক ৷ কিন্তু ৰাজ্য নাইবা কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ এন আৰ চিৰ নামত বঙালীভাষী এইসকল লোকক হাৰাশাস্তিৰ অভিযোগ সভাপতিগৰাকীৰ ৷ ৬নং দফা বলবৎ কৰি বাঙালীভাষী লোকসকলক অন্তৰ্ভূক্তিৰ দাবী জনায় সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কৰিমগঞ্জ জিলা সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details