অসম

assam

ETV Bharat / state

জল প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যতিক্ৰমী প্ৰচেষ্টা মুন্নীৰ

বদৰপুৰৰ এগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰয়াস ৷ বৰাকৰ পৰাই যুৱতীগৰাকীয়ে চলাইছে প্ৰদূষণ নিয়ন্ত্ৰণৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে বিশেষ সজাগতা অভিযান ৷ পঢ়ক আমাৰ এই প্ৰতিবেদন ...

a-young-lady-try-to-clean-rivers-of-barak
বৰাকৰ এগৰাকী যুৱতীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যতিক্ৰমী প্ৰচেষ্টা

By

Published : Dec 31, 2020, 4:13 PM IST

কৰিমগঞ্জ, 31 ডিচেম্বৰ : কৰিমগঞ্জৰ বদৰপুৰৰ এগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰয়াস ৷ যুৱতীগৰাকীৰ নাম মুন্নী ছেত্ৰী ৷ বৰাকৰ পৰাই মুন্নীয়ে চলাইছে প্ৰদূষণ নিয়ন্ত্ৰণৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে বিশেষ সজাগতা অভিযান ৷

যিটো সময়ত একাংশ কল-কাৰখানা আৰু দ্বায়িত্বহীন লোকে বিভিন্ন আৱৰ্জনা আৰু পৰিৱেশক প্ৰদূষিত কৰিব পৰা বস্তু নৈ সমূহলৈ পেলাই প্ৰকৃতিলৈ ভাবুকি কঢ়িয়াই আনিছে, তেনে সময়তে মুন্নীৰ দৰে একাংশ লোকে নিৰৱে চলাই গৈছে পৰিৱেশ ৰক্ষাৰ চেষ্টা ৷ মুন্নী নামৰ যুৱতীগৰাকীয়ে দীৰ্ঘদিন ধৰি বৰাক উপত্যকাৰ বৰাক, কুশিয়াৰা আৰু লংগাই নৈৰ সুৰক্ষাৰ বাবে নিৰৱচ্চিন্ন ভাৱে নৈ কেইখনৰ চাফাই অভিযান অব্যাহত ৰাখিছে ৷

বৰাকৰ এগৰাকী যুৱতীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যতিক্ৰমী প্ৰচেষ্টা

যিটো সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে নদী সমূহ প্ৰদূষণমুক্ত কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ণৰ আশ্বাস দিছে ৷ চৰকাৰে নদী সমূহৰ সুৰক্ষাৰ বাবে কোটি কোটি টকা ব্যায় কৰিও বহু ক্ষেত্ৰত বিফল হ’বলগীয়া হৈছে; তেনে সময়তে মুন্নী নামৰ যুৱতীগৰাকীৰ এই প্ৰচেষ্টাৰ সলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক: অসাৱধানতবশতঃ গুলিবিদ্ধ হৈ আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান

ABOUT THE AUTHOR

...view details