অসম

assam

ETV Bharat / state

কৰিমগঞ্জ জিলাৰ আটাইতকৈ পৰিস্কাৰ গাঁওখনঃ গৰাখহনীয়াৰ দুঃচিন্তাৰে নিদ্ৰাহৰণ স্থানীয় বাসিন্দাৰ

বিগত বহু বছৰৰ পৰাই গৰাখহনীয়াৰ সমস্যাৰে জৰ্জৰিত হৈ আহিছে কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত চৈতন্য নগৰ নামৰ এখন গাঁও ৷ উল্লেখ্য যে, বিগত বৰ্ষত এই গাঁওখনে স্বীকৃতি পাইছিল কৰিমগঞ্জ জিলাৰ ভিতৰতে আটাইতকৈ পৰিস্কাৰ গাঁও হিচাপে ৷ কিন্তু আজিলৈ এই গাঁওখনে পোৱা নাই গৰাখহনীয়া ৰোধৰ বাবে কোনো বিহিত ব্যৱস্থা ৷

river erosion
river erosion

By

Published : Feb 27, 2020, 10:44 PM IST

কৰিমগঞ্জ, 27 ফেব্ৰুৱাৰীঃকৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত চৈতন্য নগৰ নামৰ এখন গাঁৱক জিলাখনৰ ভিতৰতে আটাইতকৈ পৰিস্কাৰ গাঁও হিচাপে ঘোষণা কৰা হৈছিল ৷ প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ বসতিপূৰ্ণ এই গাঁওখন সম্প্ৰতি বিপদাপন্ন অৱস্থাত ৷ কিয়নো গাঁওখনৰ ৰাইজ এতিয়া সংকিত ভয়াৱহ গৰাখহনীয়াৰ দুঃচিন্তাত ৷ মাত্ৰ কেইদিনমান পিচতেই বাৰিষাৰ বৰাক নৈত বুৰ যাব পাৰে এই গাঁওখন ৷

এই সমস্যা আজিৰ নহয় ! বিগত বহু বছৰৰ পৰাই গৰাখহনীয়াৰ সমস্যাৰে জৰ্জৰিত হৈ আহিছে গাঁওখন ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যেই গাঁওখনৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ জাহ গৈছে বৰাক নৈৰ বুকুত ৷ বহু পৰিয়ালে গৃহহাৰা হোৱাৰ শংকাত নিজৰ সকলো এৰি গুছি যাবলগীয়া হৈছে অন্য স্থানলৈয়ো ৷ গৰাখহনীয়াৰ প্ৰত্যাহ্বানত এতিয়া 100 বছৰ পুৰণি এটি মন্দিৰো ৷ অভিযোগ অনুসৰি গাঁওবাসীৰ বহু আবেদন নিবেদনৰ পিচতো কাণষাৰ নাই জলসিঞ্চন বিভাগৰ লগত স্থানীয় বিধায়ক জামাল উদ্দীনৰ ৷ বছৰ বছৰ ধৰি গাঁওখন ৰক্ষাৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষৰ পৰা আশ্বাসৰ সলনি একো পোৱা স্থানীয় বাসিন্দা সকলে ৷

কৰিমগঞ্জ জিলাৰ আটাইতকৈ পৰিস্কাৰ গাঁওখনঃ গৰাখহনীয়াৰ দুঃচিন্তাৰে নিদ্ৰাহৰণ স্থানীয় বাসিন্দাৰ

গৰাখহনীয়াৰ দুঃচিন্তাই নিদ্ৰাহৰণ কৰা স্থানীয় বাসিন্দাসকলৰ অনুৰোধক সন্মান জনাই, অতি শীঘ্ৰে কোনো বিহিত ব্যৱস্থা লোৱাৰ বাবে এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছে এই লোকসকলে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details