অসম

assam

ETV Bharat / state

কৰিমগঞ্জত সাংবাদিকক আক্ৰমণৰ ঘটনা প্ৰসংগ - আটক নহ'ল অভিযুক্ত .

কৰিমগঞ্জত সাংবাদিক আক্ৰমণৰ ঘটনাৰ ২৪ ঘণ্টাৰ পিছতো আটক নহ'ল অভিযুক্ত । শুক্ৰবাৰে নিশা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল সাংবাদিক জাকিৰুল জালাল চৌধুৰী । ৰাইজৰ দলৰ প্ৰাৰ্থী ছাহাবুল ইছলামৰ গুণ্ডা বাহিনীয়ে সাংবাদিক গৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

সাংবাদিক আক্ৰমণৰ ঘটনাৰ ২৪ ঘণ্টাৰ পিছতো আটক নহ'ল অভিযুক্ত
সাংবাদিক আক্ৰমণৰ ঘটনাৰ ২৪ ঘণ্টাৰ পিছতো আটক নহ'ল অভিযুক্ত

By

Published : Apr 3, 2021, 4:44 PM IST

কৰিমগঞ্জ, ৩ এপ্ৰিল: ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে দুগৰাকীকৈ সাংবাদিকক অপদস্থ কৰাৰ পিছত এইবাৰ কৰিমগঞ্জত সংঘটিত হ'ল সাংবাদিক আক্ৰমণৰ ঘটনা । কৰিমগঞ্জৰ এখন বাতৰি কাকতৰ সাংবাদিক জাকিৰুল জালাল চৌধুৰীক শুক্ৰবাৰে নিশা হঠাতে দুৰ্বৃত্তই আক্ৰমণ কৰে ।

সাংবাদিক আক্ৰমণৰ ঘটনাৰ ২৪ ঘণ্টাৰ পিছতো আটক নহ'ল অভিযুক্ত

স্থানীয় লোকৰ সহায়ত কথমপি সাংবাদিকগৰাকীৰ প্ৰাণ ৰক্ষা পৰে । বৰ্তমান আহত সাংবাদিকগৰাকী চিকিৎসাধীন হৈ আছে । এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজন লোকক আৰক্ষীয়ে আটক কৰিছে । ধৃত আবিদ, শাফলা, কমৰুল ইছলামৰ বিৰুদ্ধে সাংবাদিকগৰাকীয়ে কৰিমগঞ্জ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।

কৰিমগঞ্জত সাংবাদিকক আক্ৰমণৰ ঘটনা প্ৰসংগ

কিন্তু আশ্চর্যজনকভাৱে, এই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো কৰিমগঞ্জ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত কৰি জিলাখনৰ সাংবাদিকসকল ক্ষোভিত হৈ পৰিছে ।

আনহাতে, সাংবাদিকগৰাকীক উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ছাহাবুল ইছলামৰ গুণ্ডা বাহিনীয়ে সাংবাদিকগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব সত্য ।

লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details