অসম

assam

ETV Bharat / state

চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই - মহিলা

বদৰপুৰত চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই ৷ পাথাৰকান্দিৰ ৰবিজুল হক নামৰ এজন যুৱকে পশ্চিমবংগৰ পৰা মহিলাগৰাকীক পলুৱাই আনিছিল বুলি জানিব পৰা গৈছে ৷

A lady jump over the train at Badarpur Railway Station , karimganj
বদৰপুৰত চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই কিয় ?

By

Published : Jul 25, 2021, 10:25 AM IST

কৰিমগঞ্জ, 25 জুলাই : কৰিমগঞ্জ (karimganj)ৰ বদৰপুৰ ৰে'ল ষ্টেচন (Badarpur Railway Station) ত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ চলন্ত ৰে'লৰ পৰা মৰণ জাঁপ দিলে এগৰাকী মহিলাই । কথমপি ৰক্ষা পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে ৰে'লৱে আৰক্ষী (Railway Police) । মহিলাগৰাকীৰ নাম কোকিলা খাতুন বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, পশ্চিম বংগৰ (West Bengal) পৰা মহিলা গৰাকীক দুমাহ পূৰ্বে কৰিমগঞ্জৰ পাথাৰকান্দি (Patharkandi)ৰ ৰবিজুল হক নামৰ এজন যুৱকে নানা প্ৰলোভন দেখুৱাই পলুৱাই আনিছিল । কিছুদিন পাছতেই যৌতুক বিচাৰি মহিলা গৰাকীক ৰবিজুল হকৰ লগতে পৰিয়ালে নানান ধৰণে শাৰিৰীক-মানসিক অত্যাচাৰ কৰি অহা বুলি মহিলাগৰাকীয়ে সাংবাদিকৰ আগত অভিযোগ কৰে ।

বদৰপুৰত চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই কিয় ?

ইফালে ৰবিজুলে বাৰে বাৰে তালাক দিয়াৰ হুমকি দি আহিছিল বুলি আন এক অভিযোগ কৰে মহিলাগৰাকীয়ে । অৱশেষত যোৱা ৰাতি স্বামী ৰবিজুলে মহিলা গৰাকীক পশ্চিমবংগত পিতৃৰ গৃহত থৈ অহাৰ উদ্দেশ্যে বদৰপুৰ ৰে'ল ষ্টেচনলৈ লৈ যায় ৷ যেতিয়া ৰে'ল খন যাবলৈ লয়, তেনে অৱস্থাতে মহিলাগৰাকীক এৰি ৰবিজুলে পলায়ন কৰে বুলি সদৰি কৰে মহিলাগৰাকীয়ে ।

ইফালে স্বামীক দেখা নাপাই চলন্ত ৰে'লখনৰ পৰা জাঁপ মাৰি দিয়ে । চলন্ত ৰেল খনৰ পৰা জাপ মৰাত কথমপি ৰক্ষা পৰে কিছু পৰিমানে আহত হয় মহিলাগৰাকী ৷ পিছত ৰে'ল আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰে । ইতিমধ্যে উক্ত ঘটনাটোকলৈ আৰক্ষীয়ে তদন্ত চলাইছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, 24 জুলাই শনিবাৰে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে'লৱে ষ্টেচনত ১৫ গৰাকী ৰোহিংগীয়াক আটক কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে । জানিব পৰা মতে, আটক কৰা দলটোত আছে 6 টা শিশু, 6 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা ৷ উল্লেখযোগ্য যে, এই 15 জনীয়া ৰহিংগীয়া দলটোৱে ৰে'লযোগে আগৰতলালৈ যাবলৈ ওলোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ৷

লগতে পঢ়ক-বাঘজানত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ: উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details