অসম

assam

By

Published : Sep 28, 2020, 9:22 AM IST

ETV Bharat / state

এপছৰ জৰিয়তে ত্ৰিপুৰাৰ যুৱকৰ ৰক্তদানৰ ব্যৱস্থা

ৰক্তদানৰ বাবে ত্ৰিপুৰাৰ যুৱকৰ বিশেষ ব্যৱস্থা গ্ৰহন ৷ ত্ৰিপুৰাৰ কেইজনমান যুৱকে মিলি নিৰ্মাণ কৰি উলিয়াইছে এক এপ্লিকেশ্যন ৷ গুগলত মুকলি কৰি দিয়া ই-ব্লাড সেৱা নামৰ এপটোৰ জড়িয়তে ইচ্ছুকসকলে ৰক্তদান কৰিব পাৰিব ৷ তেজৰ প্ৰয়োজন হোৱা লোক সকলেও এপটোৰ জৰিয়তে লাভ কৰিব পাৰিব ৷

এপছৰ জৰিয়তে ত্ৰিপুৰাৰ যুৱকৰ ৰক্তদানৰ ব্যৱস্থা
এপছৰ জৰিয়তে ত্ৰিপুৰাৰ যুৱকৰ ৰক্তদানৰ ব্যৱস্থা

কৰিমগঞ্জ, 28 চেপ্তেম্বৰ: ত্ৰিপুৰাৰ কেইজনমান যুৱকে ৰক্তদানৰ বাবে গ্ৰহন কৰিছে এক বিশেষ ব্যৱস্থা ৷ বিগত কেইবাটাও মাহৰ পৰা ৰক্তদানৰ কাম হাতত লৈ অহা যুৱকৰ দলটোৱে নিৰ্মাণ কৰি উলিয়াইছে এক বিশেষ এপ ৷ ইতিমধ্যে গুগল প্লে ষ্ট'ৰত মুকলি কৰি দিয়া এপ টোৰ জড়িয়তে ইচ্ছুক লোকসকলে ৰক্তদান দিয়াৰ বিপৰীতে ৰক্তক প্ৰয়োজন হ'লেও ল'ব পাৰিব ৷

এপছৰ জৰিয়তে ত্ৰিপুৰাৰ যুৱকৰ ৰক্তদানৰ ব্যৱস্থা

উল্লেখ্য যে, ত্ৰিপুৰাৰ কেইগৰাকীমান যুৱকে ৰক্তদানৰ বাবে কৰি যোৱা এই কামৰ প্ৰতি সঁহাৰি জনাই বহু লোকে নিজে গৈ ৰক্তদান কৰিছে ৷ দলটোৰ মাজৰে এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰে ই-ব্লাড সেৱা নামৰ এপটো তৈয়াৰ কৰি প্লে' ষ্টৰত মুকলি কৰি দিছে ৷ সমগ্ৰ ত্ৰিপুৰাৰ ৰাইজ এই ব্যৱস্থাৰ জৰিয়তে উপকৃত হ'ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:সত্যৰঞ্জন বৰাই মুছলমানক গালি দিয়াৰ সলনি হিন্দুৰ হৈ মাত নামাতে কিয় ?

ABOUT THE AUTHOR

...view details