অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অবৈধ প্ৰেমৰ পৰিণতি: ৰাজপথতে প্ৰহাৰ প্ৰেমিক-প্ৰেমিকাক - A Couple beating on the highway by wife karimganj assam etv bharat news

কৰিমগঞ্জত সংঘটিত হৈছে এক পৰকীয়া প্ৰেমৰ ঘটনা ৷ পৰকীয়া প্ৰেমত লিপ্ত স্বামী আৰু প্ৰেমিকাক ৰাজহুৱা স্থানত লপাথপা পত্নীৰ ৷ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷

A Couple beating on the highway by wife karimganj assam etv bharat news
নগদ ধন জব্দ

By

Published : Aug 21, 2020, 2:11 PM IST

কৰিমগঞ্জ,21 আগষ্ট:কৰিমগঞ্জত পোহৰলৈ আহিছে এক পৰকীয়া প্ৰেমৰ ঘটনা ৷ উক্ত ঘটনা সংঘটিত হৈছে জিলাখনৰ পাথাৰকান্দি ৰোডত ৷ পৰকীয়া প্ৰেমত লিপ্ত এগৰাকী ব্যক্তি আৰু ব্যক্তিগৰাকীৰ প্ৰেমিকাক ৰাজপথত আবদ্ধ কৰি লপা-থপা দিয়ে ব্যক্তিগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি,চহৰখনৰ বিশিষ্ট ব্যৱসায়ী কামনাশীষ দাসৰ পত্নীৰ লগতে এগৰাকী কন্যা সন্তানেৰে সুখৰ সংসাৰ অতিবাহিত কৰি আহিছিল ৷ কিন্তু বিগত কেইবামাহ পূৰ্বে দাসে এগৰাকী বিবাহিতা মহিলাৰ প্রেমত পৰে ৷ ব্যক্তিগৰাকীৰ পত্নীয়ে এই কথা জনাৰ পিছৰে পৰা পত্নীক বিবাহ বিচ্ছেদৰ বাবে জোৰ দি আহিছিল ব্যক্তিগৰাকীয়ে ৷ কিন্তু ব্যক্তিগৰাকীৰ এই প্ৰস্তাৱত সন্মত নাছিল পত্নী ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰে ব্যৱসায়ীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক অটুট থকাত পত্নীয়ে পৰিকল্পনা অনুসৰি বৃহস্পতিবাৰে বিয়লি হাতে-লোটে ধৰা পেলাই ৰাজপথতে প্ৰহাৰ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ প্ৰকৃততে ঘটনাত জড়িত ব্যৱসায়ীগৰাকীয়ে প্রেমিকাক পাথাৰকান্দি ৰোডৰ এখন ম’বাইলৰ বিপণীৰ পৰা এটি ম’বাইল ক্রয় কৰি দিয়ে ৷ এই খবৰ ব্যৱসায়ীগৰাকীৰ পত্নীয়ে লাভ কৰি ততালিকে বিপণীখনত উপস্থিত হয় ৷ পত্নীক দেখা মাত্ৰকে ব্যৱসায়ীগৰাকীয়ে প্ৰেমিকাৰে সৈতে পলায়নৰ চেষ্টা চলাই যদিও বিফল হয় ৷

অবৈধ প্ৰেমৰ পৰিণতি

আৰক্ষীয়ে প্ৰেমিক-প্ৰেমিকাৰ সৈতে এখন বাহন জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে প্ৰায় 8 লক্ষাধিক নগদ ধন ৷ ব্যৱসায়ীগৰাকীয়ে দাবী কৰা অনুসৰি এখন বাহন বিক্ৰী কৰি লাভ কৰা এই ধনৰাশি বেংকত জমা কৰাৰ উদ্দেশ্যে এনেদৰে অনা হৈছিল ৷ কিন্তু ব্য়ৱসায়ীগৰাকীৰ পত্নীয়ে এই ভাষ্যৰ বিৰোধিতা কৰি দাসে প্ৰেমিকাক দিবলৈহে এই ধন আনিছিল বুলি দাবী কৰিছে ৷

লগতে চাওকঃমৰিগাঁৱত ৬ জাঁই গুলীসহ পিষ্টল জব্দ

For All Latest Updates

ABOUT THE AUTHOR

...view details