কৰিমগঞ্জ , 24 জানুৱাৰী :কৰিমগঞ্জত পলিঅ' প্ৰতিষেধক খাই এটি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ । জিলাখনৰ বৰপুতনি গাঁৱৰ জংলাবস্তি এলেকাত সংঘটিত হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ পলিঅ' সেৱন কৰি শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
ঘটনাৰ বিবৰণী অনুসৰি, বুধবাৰে দিনত আন বৰপুতনি এলেকাত পলিও প্ৰতিষেধক প্ৰদানৰ এক শিৱিৰ অনুষ্ঠিত হৈছিল । আৰু এই শিৱিৰতে এলেকাৰ আন-আন শিশু সকলৰ লগত চন্দন ভুমিজ নামৰ ব্যক্তি গৰাকীৰ তিনি মহীয়া শিশু সঞ্জু ভুমিজ'কো দিয়া হৈছিল পলিওৰ প্ৰতিষেধক । আৰু এই প্ৰতিষেধক লোৱাৰ পিছৰে পৰাই শিশুটিৰ পেটৰ বিষ আৰম্ভ হয় ।