অসম

assam

By

Published : Dec 8, 2020, 10:52 PM IST

ETV Bharat / state

পোহনীয়া হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যৱসায়ী

ত্রিপুৰা ৰাজ্যৰ তেলিয়ামুড়া মহাকুমা 14 নং ৱাৰ্ডৰ ৰজ্ঞন মালাকাৰ নামৰ লোকজনে নিজৰ ব্যবসায়ীক প্রতিষ্ঠানৰ বাবে পানী আনিবলৈ যোৱাৰ সময়ত এটা পোঁহনীয়া হাতীয়ে আক্ৰমণ কৰে । স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা লোক জনক উদ্ধাৰ কৰি তেলিয়ামুড়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

a-businessman-critically-injured-in-a-elephen-attack
পোহনীয়া হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যৱসায়ী

ত্ৰিপুৰা, 6 ডিচেম্বৰঃ ত্ৰিপুৰাৰ তেলিয়ামুড়াত মঙলবাৰে পোঁহনীয়া হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যৱসায়ী ৷ প্রাপ্ত তথ্য অনুসৰি ত্রিপুৰা ৰাজ্যৰ তেলিয়ামুড়া মহাকুমা 14 নং ৱাৰ্ডৰ ৰজ্ঞন মালাকাৰ নামৰ লোকজনে নিজৰ ব্যবসায়ীক প্রতিষ্ঠানৰ বাবে পানী আনিবলৈ যোৱাৰ সময়তে এটা পোঁহনীয়া হাতীয়ে আক্ৰমণ কৰে ।

ইয়াৰ পিচতে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ীজন । স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা লোকজনক উদ্ধাৰ কৰি তেলিয়ামুড়া চিকিৎসালয়লে প্ৰেৰণ কৰে ৷ জানিব পৰা মতে লোকজনৰ অৱস্থা সংকটজনক হোৱাৰ হেতুকে আগৰতলাৰ জিবি চিকিৎসালয়লৈ প্ৰেৰণ কৰে তেলিয়ামুড়া চিকিৎসালয়ৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ কৰিমগঞ্জত ভাৰত বন্ধৰ সমৰ্থনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ABOUT THE AUTHOR

...view details