বদৰপুৰ,12 এপ্ৰিলঃ কৰিমগঞ্জৰ বদৰপুৰৰ বৰাক নৈত গা ধুবলৈ গৈ মৃত্যু ঘটে এজন যুৱকৰ ৷ পানীত পিছলি পৰাৰ ফলত মৃত্যু ঘটা যুৱকজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ৷
বৰাক নৈত সলিল সমাধি যুৱকৰ - Mazar Ali Bihar
কৰিমগঞ্জৰ বদৰপুৰৰ বৰাক নৈত সলিল সমাধি মাজাৰ আলী নামৰ এজন যুৱকৰ ৷ মৃত যুৱকজনৰ ঘৰ বিহাৰত ৷
বৰাক নৈত ডুবি সলিল সমাধি যুৱকৰ
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি মাজাৰ আলী নামৰ যুৱকজনে গা ধুবলৈ গৈ বৰাক নৈৰ গভীৰতাত সোমাই যায় ৷ নৈ পাৰৰ ৰাইজে যুৱকজনক উদ্ধাৰৰ চেষ্টা কৰিও বিফল হয় ৷ পিছত স্থানীয় ৰাইজে বদৰপুৰৰ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়াত এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ বিহাৰৰ যুৱকজন কৰ্মসূত্ৰে বদৰপুৰৰ কাদিমানত ভাড়াতীয়া হিচাপে বাস কৰি আছিল ৷
লগতে চাওকঃউন্নয়নৰ মুখ নেদেখা কাছাৰ জিলাৰ এখন গাঁও