কৰিমগঞ্জ,30 জুনঃ পুনৰ ছাত্ৰৰ আত্মহত্যা ৷ নৱম শ্ৰেণীৰ পৰীক্ষাত বিফল হোৱাৰ বাবেই আত্মহত্যা ছাত্ৰৰ ৷ এই ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ সোনামুড়া মহকুমাৰ কলমচৌড়া এলেকাত । এচিড খাই আত্মহত্যা কৰা ছাত্ৰজনৰ নাম সুব্ৰত সৰকাৰ ।
নৱম শ্ৰেণীৰ পৰীক্ষাত বিফল হৈ ছাত্ৰৰ আত্মহত্যা - ত্ৰিপুৰাৰ এগৰাকী ছাত্ৰ
নৱম শ্ৰেণীৰ পৰীক্ষাত বিফল হোৱাৰ পিছত এচিড খাই আত্মহত্যা কৰিলে ত্ৰিপুৰাৰ এগৰাকী ছাত্ৰই ।
ঘটনাৰ বিৱৰণ অনুসৰি, কৰ'ণাৰ গণ সংক্ৰমণৰ ফলত সোনামুড়া এলেকাৰ 3 নং ব্লক এলেকা বিগত কিছুদিন ধৰি কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল । যাৰ ফলত নৱম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা নাছিল ৷ মঙলবাৰে ঘোষণা হৈছিল পৰীক্ষাৰ ফলাফল ৷ সদ্যঘোষিত নৱম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিফল হোৱা বুলি জানি সুব্ৰত সৰকাৰ নামৰ ছাত্ৰজনে এচিড খাই আত্মহত্যা কৰে ৷ ছাত্ৰজনৰ এনে কাণ্ডই সম্প্ৰতি আচৰিত কৰি তোলাৰ লগতে শোকাকুল কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক ৷
লগতে পঢ়কঃৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি