কৰিমগঞ্জ, 22 আগষ্ট : উত্তৰ ত্রিপুৰা জিলাৰ ধর্মনগৰ থানাৰ অধীনৰ ভাগ্যপুৰত মৰ্মান্তিক ঘটনা ৷ ইয়াকুবনগৰত পুখুৰীত সলিল সমাধি পাঁচবছৰীয়া শিশুৰ ৷ জানিব পৰা মতে, চলিমউদ্দিন নামৰ দিন হাজিৰা কৰা লোকজন আন দিনাৰ দৰে ওলাই গৈছিল কামৰ সন্ধানত ৷ তেওঁৰ পত্নী ঘৰুৱা কামত ব্যস্ত থকাৰ সময়তে পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত পানী পৰে তেওঁলোকৰ পাঁচবছৰীয়া পুত্ৰ ৷ চুবুৰীয়াই শিশুটিক পুখুৰীত পৰি থকা দেখি উঠাই আনে ৷
পাঁচ বছৰীয়া শিশুৰ সলিল সমাধি
ইয়াকুবনগৰত পুখুৰীত সলিল সমাধি পাঁচবছৰীয়া শিশুৰ ৷ পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত পানী পৰে শিশুটি ৷
death
শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ হাতত গতাই দিয়ে শিশুটিৰ মৃতদেহ ৷ এই ঘটনাত গোটেই ইয়াকুবনগৰ গাঁৱত শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক :বিজনীত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ ফটোগ্ৰাফাৰৰ মৃতদেহ