অসম

assam

ETV Bharat / state

পাঁচ মহীয়া শিশু হত্যাকাৰীক উচিত শাস্তিৰ দাবী কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ

কৰিমগঞ্জৰ পাঁচমহীয়া শিশু অপহৰণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে কৰিমগঞ্জ প্ৰেছ ক্লাৱ ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সংগঠনটোৰ সদস্যসকলে ৷

5 month old baby murder in Karimganj : press club demands justice
পাঁচ মহীয়া শিশু হত্যাকাৰীক উচিত শাস্তিৰ দাবী কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ

By

Published : Aug 13, 2020, 8:08 AM IST

কৰিমগঞ্জ, 13 আগষ্টঃকৰিমগঞ্জ জিলাৰ শিলচৰত লোমহৰ্ষক হত্যাৰ বলি হৈছিল ধ্ৰুৱজ্যোতি নাথ নামৰ এটি পাঁচ মহিয়া শিশু ৷ ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজ ৷

ঠিক একেদৰে কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ সদস্যসকলেও উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰিমগঞ্জৰ নেতাজী মূৰ্তিৰ তলত ধ্ৰুৱজ্যোতি নাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । প্ৰেছ ক্লাৱৰ সদস্যসকলে শিশুটিৰ হত্যাত জড়িত দোষীক উচিত শাস্তি দিয়াৰ বাবে চৰকাৰ প্ৰশাসনক দাবী তোলে ৷

পাঁচ মহীয়া শিশু হত্যাকাৰীক উচিত শাস্তিৰ দাবী কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ

উল্লেখ্য যে, কৰিমগঞ্জৰ কাজিডহৰৰ দিব্যজ্যোতি নাথ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ খিৰিকী ভাঙি দুৰ্বৃত্তই অপহৰণ কৰিছিল ধ্ৰুৱজ্যোতি নাথ নামৰ পাঁচমহীয়া শিশুটি ৷ কিন্তু, উক্ত অপহৃত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি জটিল হৈ পৰে ৷ ইফালে উক্ত ঘটনাটোক সকলো দল-সংগঠনে ধিক্কাৰ দিয়াৰ লগতে তীব্ৰ গৰিহণা দিয়ে ৷

লগতে পঢ়ক- বৃহস্পতিবাৰে ৰাজ্যজুৰি অধিবক্তাসকল এঘন্টীয়া ধৰ্মঘট

ABOUT THE AUTHOR

...view details