অসম

assam

ETV Bharat / state

কৰিমগঞ্জত চাৰি কোটি টকীয়া কেলেংকাৰী - কৰিমগঞ্জ

দুৰ্লভচড়া উন্নয়নখণ্ডৰ অন্তৰ্গত ছিংলাচড়া পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে জালিয়াতিৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 4 কোটি টকাৰ ভুৱা বেংক একাউণ্টযোগে হৰলুকী কৰিছিল লক্ষী দেৱী কৈৰী নামৰ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীগৰাকীৰ লগতে এগৰাকী বেংক বিষয়া, এগৰাকী অভিযন্তা আৰু উন্নয়নখণ্ডটোৰ একাংশ কৰ্মচাৰীয়ে ৷

চাৰি কোটি টকীয়া কেলেংকাৰী

By

Published : Aug 3, 2019, 1:54 PM IST

কৰিমগঞ্জ, 3 জুলাই : দুৰ্নীতিত পোত গৈছে ৰাজ্যৰ একাংশ চৰকাৰী বিভাগ ৷ দুৰ্নাতিৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণকাৰী সোণোৱাল চৰকাৰৰ বাবে এতিয়া দুৰ্নীতি ৰোধ কৰাতো যেন অসাধ্য হৈ পৰিছে ৷ কৰিমগঞ্জত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ জিলাখনৰ দুৰ্লভচড়া উন্নয়নখণ্ডৰ অন্তৰ্গত ছিংলাচড়া পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে জালিয়াতীৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 4 কোটি টকা ভুৱা বেংক একাউণ্টযোগে হৰলুকী কৰিছিল লক্ষী দেৱী কৈৰী নামৰ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীগৰাকীৰ লগতে এগৰাকী বেংক বিষয়া,এগৰাকী অভিযন্তা আৰু উন্নয়নখণ্ডটোৰ একাংশ কৰ্মচাৰীয়ে ৷

চাৰি কোটি টকীয়া কেলেংকাৰী

এই ঘটনাৰ পাচতে 27 গৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে বাৰম্বাৰ গ্ৰামোন্নয়ন বিভাগ. আৰক্ষী কাৰ্যালয় আৰু সংশ্লিষ্ট বিভাগত অভিযোগ দাখিল কৰে ৷ কিন্তু উক্ত বিভাগকেইটাই এই অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়াত আদালতৰ দ্বাৰস্থ হয় হিতাধিকাৰীসকল ৷ তেওঁলোকৰ অভিযোগ অনুসৰি আঁচনিৰ নথিপত্ৰত তেওঁলোকৰ নামত গৃহ আৱণ্টনৰ তথ্য দেখুৱালেও বেংক একাউণ্টত জমা হোৱা নাই আঁচনিৰ ধনৰাশি ৷ ফৰিয়াদী পক্ষৰ অধিবক্তাই উল্লেখ কৰা মতে, প্ৰকৃততে আত্মসাৎ কৰা হৈছে হিতাধিকাৰীসকলৰ সমুদায় ধন ৷ আনহাতে, ৰাজনৈতিক হেঁচাৰ বাবেই বাৰম্বাৰ অভিযোগৰ পাচতো অভিযুক্তৰ বিৰুদ্ধে কোনো পদক্ষেপ ল'ব পৰা নাছিল বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, কংগ্ৰেছৰ দিনত দুৰ্নীতিৰে ধনৰ পাহাৰ গঢ়া লক্ষী দেৱী কৈৰী বৰ্তমান বিজেপি দলৰ সদস্যা হোৱাৰ উপৰিও সাংসদ কৃপানাথ মাল্লাহৰ অতি ঘনিষ্ঠ ৷ দুৰ্নীতিক আপোচ নকৰা বুলি সতকাই ভাষণৰ ফুলজাৰী মৰা বিজেপি চৰকাৰে এতিয়া এই ঘটনাৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details