অসম

assam

ETV Bharat / state

কৰিমগঞ্জত উদযাপন 38 সংখ্যক মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস - পাথাৰকান্দি সমষ্টি

জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আগন্তুক নিৰ্বাচনত পাথাৰকান্দি সমষ্টিত স্থানীয় লোকক প্ৰাৰ্থীত্ব আগবঢ়াবলৈও হাইকামাণ্ডক দাবী জনায় ৷ ইয়াৰ লগতে সকলোকে একজোঁট হৈ বিজেপিক নিৰ্বাচনত পৰাস্ত কৰিবলৈ জনালে আহ্বান ৷

38th Women's Congress Foundation Day celebrated in Karimganj
কৰিমগঞ্জত উদযাপন 38 সংখ্যক মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

By

Published : Sep 16, 2020, 12:53 PM IST

কৰিমগঞ্জ,16 ছেপ্তেম্বৰঃসমগ্ৰ দেশৰ লগতে কৰিমগঞ্জতো মঙলবাৰে পালন কৰা হয় 38 সংখ্যক মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ হাতীখীড়া চাহ বাগিচাত পালন কৰা এই অনুষ্ঠানত উপস্থিত থাকে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীকে ধৰি প্ৰাক্তন বিধায়ক মনিলাল গোৱালা সহ জিলা কংগ্ৰেছৰ আন আন বিষয়ববীয়া সকল ৷ তদুপৰি এই অনুষ্ঠানৰ জৰিয়তে 2021ৰ বিধানসভা নিৰ্বাচনলৈও কুচকাৱাজ আৰম্ভ কৰে জিলা কংগ্ৰেছে ৷

কৰিমগঞ্জত উদযাপন 38 সংখ্যক মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

ইপিনে অনুষ্ঠানত উপস্থিত থাকি জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আগন্তুক নিৰ্বাচনত পাথাৰকান্দি সমষ্টিত স্থানীয় লোকক প্ৰাৰ্থীত্ব আগবঢ়াবলৈও হাইকামাণ্ডক দাবী জনায় ৷ ইয়াৰ লগতে সকলোকে একজোঁট হৈ বিজেপিক নিৰ্বাচনত পৰাস্ত কৰিবলৈ আহ্বান জনায় ৷ আনহাতে মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত একেটা অনুষ্ঠানতে 'গৰিমা' শীৰ্ষক মহিলাৰ বাবে এক বিশেষ আঁচনিৰো শুভাৰম্ভ কৰা হয় ৷

লগতে পঢ়কঃঅজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details