পাথাৰকান্দি, 27 জুনঃ কোভিড-19 ৰ পৰা মুক্ত হ'ল বিধায়ক কৃষ্ণেন্দু পাল ৷ পুনৰ স্বাৱ পৰীক্ষাৰ অন্তত ৰিপৰ্ট নিগেটিভ আহিছে বিধায়কগৰাকীৰ ৷
কৰ'ণাৰ পৰা মুক্ত হ'ল বিধায়ক কৃষ্ণেন্দু পাল - বিধায়ক
পুনৰ স্বাৱ পৰীক্ষাৰ অন্তত বিধায়ক কৃষ্ণেন্দু পালৰ ৰিপৰ্ট নিগেটিভ ওলাইছে ৷ ইতিমধ্যে ১৪ দিন হোম কোৱাৰেইন্টাইনত হৈ থাকিব বুলি জানিবলৈ পোৱা গৈছে ৷
![কৰ'ণাৰ পৰা মুক্ত হ'ল বিধায়ক কৃষ্ণেন্দু পাল 2nd Time Test No COVID-19 MLA Krishnenedu Paul](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7798396-thumbnail-3x2-pathe.jpg)
কৰ'ণাৰ পৰা মুক্ত হ'ল বিধায়ক কৃষ্ণেন্দু পাল
উল্লেখ্য যে, যোৱা 22 জুনত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ইতিমধ্যে কৰিমগঞ্জৰ ১৩ গৰাকী ব্যক্তিৰ লগতে কৃষ্ণেন্দু পালৰ স্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ ইতিমধ্যে বিধায়ক গৰাকীৰ ৰিপৰ্ট নিগেটিভ ওলাইছে বুলি জানিব পৰা গৈছে ৷ দেওবাৰে তেওঁ কৰিমগঞ্জ কোভিড চিকিৎসা কেন্দ্ৰৰ পৰা আহি নিজ ঘৰতে ১৪ দিনৰ বাবে হোম কোৱাৰেইন্টাইন হৈ থাকিব বুলি জানিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক- বানত বুৰিল বিধায়কৰ বাসগৃহ