কৰিমগঞ্জ, ৯ এপ্ৰিলঃঅহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি বিয়লিৰ ভাগত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ । প্ৰথম পৰ্যায়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । আনহাতে বৰাক উপত্যকাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে বৰাকবাসী ।
বৰাকত তুংগত নিৰ্বাচনী প্ৰচাৰ
বৰাক উপত্যকাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ
বৰাক উপত্যকাৰ অন্যতম লোকসভা সমষ্টি কৰিমগঞ্জ লোকসভা সমষ্টিটো এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত কংগ্ৰেছৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে এ আই ইউ ডি এফ দলে । অভিযোগ-প্ৰতি অভিযোগেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো দলে ।
সোমবাৰে ৰাতাবাৰী সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে । কৰিমগঞ্জ লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছিল আনোৱাৰ হুছেইন লস্কৰে । নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ আৰু বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে । বৰাকত প্ৰতিজন কংগ্ৰেছীয়ে হৈছে বিজেপিৰ এজেন্ট, উপত্যকাটোত কংগ্ৰেছীসকল বিজেপিৰ টিম বি ।