কৰিমগঞ্জ, 29 জুলাইঃৰাজ্যৰ আন প্ৰান্তৰ লগতে কৰিমগঞ্জতো কৰ’ণা আক্ৰান্ত ৰোগীৰ তালিকা দিঘলীয়া হ'বলৈ ধৰিছে ৷ মঙলবাৰে জিলাখনত পুনৰ 27 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ সংক্ৰমণ ৷
ইপিনে,পাথাৰকান্দি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মনজিৎ সিনহা নামৰ এগৰাকী কম্পিউটাৰ অপাৰেটৰ কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয় খনৰ একপ্ৰকাৰ আতংকৰ পৰিৱেশে বিৰাজ কৰিছে ৷ উল্লখ্য যে,আক্ৰান্ত মনজিৎৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত,যিয়ে চিকিৎসালয় খনতো গণ সংক্ৰমণ হোৱাৰ পূৰ্ণ আশংকা কঢ়িয়াইছে ৷